নেশ্যনেল ডেস্ক,৫ জুন :"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিয়ে কেতিয়াও ভৱিষ্যতৰ কথা নকয় । তেওঁলোকে সদায় অতীতৰ কোনো লোকক দোষাৰোপ কৰে ।" এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । আমেৰিকা ভ্ৰমণত থকা ৰাহুল গান্ধীয়ে জাভিটচ কেন্দ্ৰত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰি এই মন্তব্য কৰে (Rahul Gandhi slams PM Modi)। ইফালে অনুষ্ঠানত ওড়িশাৰ ৰে'ল দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু ৬০ ছেকেণ্ডৰ মৌন প্ৰাৰ্থনা কৰে ।
ৰে'ল দুৰ্ঘটনাক লৈ কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ পদত্যাগৰ দাবী উঠাৰ সময়তে ৰাহুল গান্ধীয়ে কোনো নাম নোলোৱাকৈ কয় যে দোষ স্বীকাৰ কৰি পদত্যাগ কৰাৰ পৰিৱৰ্তে অজুহাত দেখুওৱা হৈছে আৰু সন্মুখীন হোৱা বাস্তৱতাক গ্ৰহণ কৰা নাই (Rahul Gandhi on train tragedy)।
তেওঁ বিজেপি আৰু আৰ এছ এছক সমালোচনা কৰি কয় যে ভৱিষ্যতৰ প্ৰতি গুৰুত্ব দিয়াত ব্যৰ্থ বিজেপি । ৰাহুল গান্ধীৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতীয় গাড়ীখন চলাবলৈ চেষ্টা কৰি আছে । কিন্তু তেওঁ পিছফালৰ গ্লাছত চাই আছে । যাৰবাবে তেওঁ বুজি পোৱা নাই যে গাড়ীখন কিয় দুৰ্ঘটনাগ্ৰস্ত হৈছে । বিজেপি আৰু আৰ এছ এছৰ একেই ধাৰণা বুলি তেওঁ উল্লেখ কৰে ।