অসম

assam

ETV Bharat / bharat

ইন্দিৰা গান্ধীৰ 103 সংখ্যক জন্ম বাৰ্ষিকীত কংগ্ৰেছৰ শ্ৰদ্ধাঞ্জলি - মহিলা কংগ্ৰেছ

আজি ইন্দিৰা গান্ধীৰ 103 সংখ্যক জন্ম বাৰ্ষিকী ৷ কংগ্ৰেছৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৷

কংগ্ৰেছৰ শ্ৰদ্ধাজ্ঞলি
ইন্দিৰা গান্ধীৰ 103 সংখ্যক জন্ম বাৰ্ষিকী

By

Published : Nov 19, 2020, 12:07 PM IST

নেশ্যনেল ডেস্ক, 19 নৱেম্বৰ : দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ 103 সংখ্যক জন্ম বাৰ্ষিকীত কংগ্ৰেছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে, সমগ্ৰ দেশে এতিয়াও তেওঁৰ প্ৰভাৱশালী নেতৃত্বক সোঁৱৰে ৷ ইন্দিৰা গান্ধীৰ স্মৃতি স্মাৰক ৰাজধানী দিল্লীস্থিত শক্তি স্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাহুল গান্ধীয়ে ৷

শক্তি স্থলত ইন্দিৰা গান্ধীৰ শ্ৰদ্ধাঞ্জলি

উল্লেখ্য যে, 1917 চনৰ 19 নৱেম্বৰত জন্মগ্ৰহণ কৰা গান্ধীয়ে 1966 চনৰ পৰা 1977 চনলৈ প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল ৷ ইয়াৰ পাচতে 1980 চনৰ পৰা তেওঁৰ মৃত্যু পৰ্যন্ত 1984 চনলৈ দ্বিতীয়টো কাৰ্যকালত দায়িত্ব পালন কৰি আছিল ৷

কংগ্ৰেছৰ অফিচিয়েল টুইটাৰৰ জৰিয়তে কয়, "এগৰাকী এগ্ৰণী, দূৰদৰ্শী, মহান নেত্ৰী আৰু দেশৰ সুযোগ্য কন্যা ইন্দিৰা গান্ধী আমাৰ জনতাৰ বাবে এগৰাকী প্ৰধানমন্ত্ৰীতকৈ অধিক আছিল ; মহানতা আৰু সমৃদ্ধিৰ দিশত তেওঁ পুনৰুত্থানৰ এক শক্তি আছিল ৷ আজি, আমি ভাৰতৰ ইন্দিৰালৈ এক গৌৰৱাম্বিত শ্ৰদ্ধাঞ্জলি অৰ্পন কৰিছো ৷"

হিন্দী টুইটেৰে ৰাহুল গান্ধীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ গান্ধীয়ে লিখে, "সমগ্ৰ দেশে এতিয়াও তেওঁৰ প্ৰভাৱশালী নেতৃত্বক সোঁৱৰে, কিন্তু তেওঁক সদায়ে মোৰ মৰমৰ আইতা হিচাপে স্মৰণ কৰো ৷ তেওঁৰ শিক্ষাই মোক সদায়ে অনুপ্ৰেৰণা যোগায় ৷"

কংগ্ৰেছৰ প্ৰধান মুখপাত্ৰ আৰু দলৰ সাধাৰণ সচিব ৰন্দীপ সূৰ্যৱালাই কয়, "সমগ্ৰ বিশ্বতে আইৰন লেডী হিচাপে পৰিচিত ভাৰতৰ প্ৰথম আৰু একমাত্ৰ মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাজ্ঞলী জ্ঞাপন কৰিছো ৷"

ভাৰতীয় যুৱ কংগ্ৰেছেও ইন্দিৰা গান্ধীৰ জন্ম বাৰ্ষিকী উপলক্ষ্যে দিল্লীৰ দুখীয়া লোকক কম্বল বিতৰণ কৰে ৷ IYC ৰ সভাপতি শ্ৰীনিবাস বি ভিয়ে টুইটাৰৰ জৰিয়তে কয়, "আইৰন লেডী ইন্দিৰা গান্ধীৰ জন্ম বাৰ্ষিকীত দিল্লীৰ দুখীয়া লোকক ঠাণ্ডাৰ পৰা ৰক্ষা কৰিবৰ বাবে কম্বল বিতৰণ কৰা হয় ৷"

মহিলা কংগ্ৰেছে টুইট কৰে, "শক্তিৰ অন্য এটা ৰূপ ইন্দিৰা গান্ধীলৈ আমাৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো ৷"

লগতে পঢ়ক :নাগৰোতাত সেনাৰে সংঘৰ্ষত নিহত চাৰি সন্ত্ৰাসবাদী

ABOUT THE AUTHOR

...view details