অসম

assam

ETV Bharat / bharat

Rahul Gandhi disagrees with Digvijaya Singh: দিগ্বিজয় সিঙৰ মন্তব্যক সহাৰি নজনোৱাৰ আহ্বান ৰাহুল গান্ধীৰ - সিঙৰ মন্তব্যক সহাৰি নজনোৱাৰ আহ্বান ৰাহুল গান্ধীৰ

মোডী চৰকাৰে চলোৱা চাৰ্জিকেল ষ্ট্ৰাইক সন্দৰ্ভত দিগ্বিজয় সিঙৰ বিতৰ্কিত মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে । তেওঁ কয় যে দিগ্বিজয় সিঙৰ মন্তব্যৰ সৈতে কোনো কাৰণতে একমত নহয় ।

Rahul Gandhi disagrees with Digvijaya Singh
দিগ্বিজয় সিঙৰ মন্তব্যৰে একমত নহয় ৰাহুল গান্ধী

By

Published : Jan 24, 2023, 8:07 PM IST

নেশ্যনেল ডেস্ক,২৪ জানুৱাৰী: কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে মঙলবাৰে এখন সংবাদমেলত কয় যে মোডী চৰকাৰে চলোৱা চাৰ্জিকেল ষ্ট্ৰাইক সন্দৰ্ভত দিগ্বিজয় সিঙৰ ব্যক্তিগত মন্তব্যৰ সৈতে তেওঁ একমত নহয়(Rahul Gandhi disagrees with Digvijaya Singh) । পিছে ৰাহুল গান্ধীয়ে সিঙৰ মন্তব্যক লৈ কোনোধৰণৰ নিন্দনীয় শব্দও ব্যৱহাৰ কৰা নাছিল । ছাৰ্জিকেল ষ্ট্ৰাইক সন্দৰ্ভত জ্যেষ্ঠ কংগ্ৰেছ নেতাজনৰ বক্তব্যৰ বিপৰীতে ৰাহুল গান্ধীয়ে কয় যে বিজেপিয়ে প্ৰতিৰক্ষা বাহিনীৰ মনোবল হ্ৰাস কৰাৰ বাবেহে এই আক্ৰমণ কৰিছিল(Rahul Gandhi on Digvijaya Singhs remark) ।

দিগ্বিজয়ৰ বক্তব্য সন্দৰ্ভত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি ৰাহুল গান্ধীয়ে কয়- "দিগ্বিজয় সিঙৰ বক্তব্যৰ সৈতে মই একমত নহয়"(Rahul distances himself from Digvijayas remark) । এয়া কংগ্ৰেছৰ আনুষ্ঠানিক স্থিতি বুলি উল্লেখ কৰে গান্ধীয়ে । সশস্ত্ৰ বাহিনীয়ে কোনো প্ৰমাণ প্ৰদান কৰাৰ প্ৰয়োজন নাই ।

পৰৱৰ্তী সময়ত, ইয়াৰ ফলত কংগ্ৰেছ দলে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পৰা নিজকে আঁতৰাই ৰাখে । জয়ৰাম ৰমেশে প্ৰথমে এটা টুইট প্ৰকাশ কৰি স্পষ্ট কৰিছিল যে দিগ্বিজয়ৰ বক্তব্য তেওঁৰ ব্যক্তিগত মতামত আৰু এই মতামতে দলৰ মতামত প্ৰতিফলিত নকৰে । "জ্যেষ্ঠ নেতা দিগ্বিজয় সিঙে প্ৰকাশ কৰা মতামত তেওঁৰ নিজৰ আৰু ই কংগ্ৰেছৰ স্থিতি প্ৰতিফলিত নকৰে । ইউপিএ চৰকাৰৰ দ্বাৰা ২০১৪ চনৰ পূৰ্বে চাৰ্জিকেল ষ্ট্ৰাইক কৰা হৈছিল । কংগ্ৰেছে ৰাষ্ট্ৰীয় স্বাৰ্থত থকা সকলো সামৰিক কাৰ্যকলাপ সমৰ্থন কৰিছে আৰু ভৱিষ্যতেও সমৰ্থন কৰি যাব," টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে জয়ৰাম ৰমেশে ।

ইয়াৰ পূৰ্বে সোমবাৰে দিগ্বিজয় সিঙে অভিযোগ উত্থাপন কৰিছিল যে চৰকাৰে শ্ৰীনগৰৰ পৰা দিল্লীলৈ নিজৰ কৰ্মচাৰীসকলক প্ৰত্যাৱৰ্তন কৰিবলৈ চিআৰপিএফৰ অনুৰোধৰ বাবে সন্মত হোৱা নাই আৰু ২০১৯ চনত পুলৱামাত ৪০ জন সৈন্যই সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ ত্যাগ কৰিছিল(40 soldiers sacrificed their lives) । প্ৰায়েই বিতৰ্কৰ সৃষ্টি কৰা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় "তেওঁলোকে চাৰ্জিকেল ষ্ট্ৰাইকৰ কথা কয় । তেওঁলোকে ইমান মানুহক হত্যা কৰা বুলি দাবী কৰে ৷ কিন্তু এতিয়ালৈ কোনো প্ৰমাণ দিয়া হোৱা নাই । তেওঁলোকে মিছা কথাৰ এটা গোট বিক্ৰী কৰি ৰায় দিছে ।"

পিছত এটা টুইট যোগে সিঙে কয়, "পুলৱামাৰ ঘটনাত সন্ত্ৰাসবাদীয়ে ক'ৰ পৰা ৩০০ কিলোগ্ৰাম আৰডিএক্স পাইছিল ? ডিএছপি দাবিন্দৰ সিং সন্ত্ৰাসবাদীৰ সৈতে ধৰা পৰিছিল ৷ কিন্তু তাৰ পাছতো তেওঁক কিয় মুকলি কৰা হৈছিল ? আমি পাকিস্তান আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মাজত থকা বন্ধুত্বৰ বিষয়েও জানিব বিচাৰো । " টুইটটোৰ সৈতে সংলগ্ন তেওঁৰ ভিডিঅ' বাৰ্তাত সিঙে কয় যে পুলৱামাত ৪০ জন চিআৰপিএফ জোৱানে প্ৰাণ ত্যাগ কৰিছে । কিন্তু ইমানৰ পাছতো এইখন চৰকাৰে তিনি কুইন্টল আৰডিএক্স ক'ৰ পৰা আহিছে সেই তথ্য ৰাজহুৱা কৰিবলৈ সক্ষম হোৱা নাই ।

ইয়াৰ উপৰিও কংগ্ৰেছ নেতাজনে এটা ভিডিঅ' বাৰ্তাত প্ৰশ্ন কৰে যে, সন্ত্ৰাসবাদীৰ সৈতে জড়িত থকা ডিএছপি দাবিন্দৰ সিঙ ক'ত আছে চৰকাৰে উত্তৰ দিব পৰা নাই । তেওঁক কিয় মুক্ত কৰা হৈছিল আৰু তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ কিয় পঞ্জীয়ন কৰা হোৱা নাছিল ?

লগতে পঢ়ক:Man Showers note : বেংগালুৰুত 10 টকীয়া নোটৰ বৰষুণ, নোট বুটলিবলৈ লাগিল হেতাওপৰা

For All Latest Updates

ABOUT THE AUTHOR

...view details