নিউজ ডেস্ক, 17 আগষ্ট: সংসদলৈ পুনৰ প্ৰত্যাৱৰ্তনৰ পাচতে ৰাহুল গান্ধীক পুনৰ সংসদীয় স্থায়ী সমিতিৰ সদস্য হিচাপে মনোনীত কৰা হৈছিল ৷ লোকসভাৰ অধ্যক্ষই ৰাহুলক প্ৰতিৰক্ষা সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিলৈ মনোনীত কৰিছে ৷ বিগত মাৰ্চ মাহত সংসদে অযোগ্য বুলি ঘোষণা কৰাৰ পাচত সংসদীয় স্থায়ী সমিতিৰ সদস্যৰ পৰা বহিষ্কাৰ কৰা হৈছিল ৰাহুল গান্ধীক ৷ তাৰ পিচত ৭ আগষ্টত ৰাহুল গান্ধীয়ে সাংসদ পদ ওভতাই পোৱাৰ পাচতে সংসদীয় স্থায়ী সমিতিৰ সদস্য হিচাপে মনোনীত কৰা হৈছে ৷
উল্লেখ্য যে, ৰাহুল গান্ধীয়ে ‘মোদী’ লোকক অপমান কৰা বুলি গোচৰ তৰা হৈছিল গুজৰাটত ৷ সেই গোচৰৰ ভিত্তিত গুজৰাটৰ উচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীক 2 বছৰৰ বাবে কাৰাদণ্ড ৰায় প্ৰদান কৰিছিল ৷ তেতিয়াই সাংসদৰ বাবে ৰাহুল গান্ধীক অযোগ্য হিচাপে ঘোষণা কৰিছিল সংসদে ৷ হেৰুৱাই পেলাইছিল সাংসদ পদ ৷ মাৰ্চ মাহত সাংসদ পদ হেৰুৱাৰ পাচতে গুজৰাটৰ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ৰাহুল গান্ধীয়ে ৷