অসম

assam

ETV Bharat / bharat

Rahul Gandhi Manipur visit: ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণ কেৱল ৰাজনৈতিক স্বাৰ্থ: অমিত মালব্য - ৰাহুল গান্ধী

ৰাহুল গান্ধীক পুনৰ আক্ৰমণ বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালব্যৰ ৷ ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণক ৰাজনৈতিক স্বাৰ্থ আখ্যা মালব্যৰ ৷

Rahul Gandhi Manipur visit
Rahul Gandhi Manipur visit

By

Published : Jun 29, 2023, 5:30 PM IST

নেশ্যনেল ডেস্ক, 29 জুন:মণিপুৰ ভ্ৰমণকলৈ ৰাহুল গান্ধীক পুনৰ কটাক্ষ ভাৰতীয় জনতা পাৰ্টিৰ আইটি চেলৰ মুৰব্বী অমিত মালব্যৰ ৷ ৰাহুল গান্ধীক ৰাজনৈতিক সুবিধাবাদী আখ্যা মালব্যৰ ৷ 29 আৰু 30 জুনত দুদিনীয়া ভ্ৰমণসূচীৰে হিংসাজৰ্জৰ মণিপুৰলৈ ভ্ৰমণলৈ গৈছে কংগ্ৰেছ নেতাগৰাকী ৷ সাহায্য শিবিৰ পৰিদৰ্শন কৰাৰ লগতে ইম্ফল আৰু চুৰাচান্দপুৰ ভ্ৰমণৰ লক্ষ্য ৰাহুল গান্ধীৰ ৷

মাত্ৰ কেইটামান দিন পূৰ্বে ৰাহুল গান্ধীক দেশৰ বাবে ভয়াৱহ আখ্যা দি টুইটযোগে কটাক্ষ কৰিছিল মালব্যই ৷ মালব্যৰ বিৰুদ্ধে কৰ্ণাটক কংগ্ৰেছে গোচৰ ৰুজু কৰাৰ পাচতো পুনৰ আক্ৰমণ ৰাহুল গান্ধীক ৷

এটা টুইটযোগে মালব্যই কয় যে ৰাহুল গান্ধীয়ে 2015 ৰ পৰা 2017 বৰ্ষৰ ভিতৰত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী ওক্ৰাম ইবোবি সিং (Okram Ibobi Singh) চৰকাৰে তিনিখন বিধেয়ক গৃহীত কৰাৰ সিদ্ধান্তৰ পিচত সংঘটিত জাতিগত হিংসাৰ ভুক্তভোগীসকলক সাক্ষাতৰ বাবে এবাৰো যোৱা নাছিল ৷ বিজেপিৰ আইটি চেলৰ মুৰব্বীগৰাকীয়ে লগতে কয়, ‘‘মণিপুৰ গণ বিধেয়ক-২০১৫, মণিপুৰ ভূমি ৰাজহ আৰু ভূমি সংস্কাৰ (সপ্তম সংশোধনী) বিধেয়ক-২০১৫, আৰু মণিপুৰ দোকান আৰু প্ৰতিষ্ঠান (দ্বিতীয় সংশোধনী) বিধেয়ক-2015 আছিল সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ৰ দ্বাৰা জনজাতীয় ভূমি দখল কৰাৰ এক ‘ষড়যন্ত্ৰ’ ৷

ৰাহুল গান্ধীয়ে সেই সময়ত কিয় মণিপুৰ ভ্ৰমণ কৰা নাছিল বুলি প্ৰশ্ন কৰি এতিয়া ৰাহুল গান্ধীয়ে কেৱল নিজৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষাৰ বাবেহে মণিপুৰ ভ্ৰমণ কৰা বুলি উল্লেখ কৰি কটাক্ষ কৰে ৷ মালব্যই কয়, ‘‘তেওঁৰ মণিপুৰ ভ্ৰমণ মানুহৰ বাবে চিন্তা কৰি নহয় বৰঞ্চ তেওঁৰ নিজৰ স্বাৰ্থপৰ ৰাজনৈতিক মুনাফাৰ বাবেহে ৷ ৰাহুল গান্ধী আৰু কংগ্ৰেছক এতিয়া ৰাইজে বিশ্বাসত ল’ব পৰা কোনো কাৰণ নাই ৷’’

লগতে পঢ়ক:Amit Malviya booked: বিজেপিৰ আইটি চেলৰ মুৰব্বীৰ বিৰুদ্ধে কৰ্ণাটক কংগ্ৰেছৰ গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details