অসম

assam

By

Published : Aug 12, 2023, 9:45 AM IST

ETV Bharat / bharat

Rahul Gandhi to Visit Wayanad : নিজৰ সংসদীয় সমষ্টিলৈ ৰাওনা ৰাহুল গান্ধী; তোঘলক লেন বাংলো পুনৰ আবণ্টন

লোকসভাৰ সদস্য পদ পুনৰ লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দিল্লীত থকা তেওঁৰ বাসগৃহৰ পৰা কেৰালাৰ ৱায়ানাড সংসদীয় সমষ্টিলৈ ৰাওনা হয় । কংগ্ৰেছৰ সূত্ৰ অনুসৰি, ৰাহুল গান্ধীক ১২ তোঘলক লেনৰ বাংলোটোও পুনৰ আবণ্টন কৰা হৈছে ।

Rahul Gandhi to Visit Wayanad
Rahul Gandhi to Visit Wayanad

নিউজ ডেস্ক, ১২ আগষ্ট : কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে তেওঁৰ সংসদীয় সমষ্টি কেৰালাৰ ৱায়ানাডলৈ দিল্লীৰ বাসগৃহৰ পৰা ৰাওনা হয় । লোকসভাৰ সাংসদ পদ পুনৰ লাভ কৰাৰ পিছত এইটো হৈছে প্ৰথমবাৰৰ বাবে নিজৰ সংসদীয় সমষ্টি ভ্ৰমণ । উল্লেখ্য যে ৪ আগষ্টত উচ্চতম ন্যায়ালয়ে 'মোদী' উপাধি মন্তব্য গোচৰত দোষী সাব্যস্ত হোৱাটো স্থগিত ৰখাৰ পিছত সোমবাৰে লোকসভা সচিবালয়ে ৰাহুল গান্ধীৰ সদস্য পদ ওভতাই দিয়ে ।

ইয়াৰ পূৰ্বে মঙলবাৰে কেৰালা প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ভি টি ছিদ্দিকে কয়, "ৰাহুল গান্ধী ১২ আগষ্টত ৱায়ানাডলৈ আহিব । আমি তেওঁৰ বাবে এক উষ্ণ অভ্যৰ্থনাৰ ব্যৱস্থা কৰিবলৈ গৈ আছোঁ আৰু প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে । কাইলৈ জিলা কংগ্ৰেছ সমিতিৰ বৈঠক আছে । ৰাহুল গান্ধী ইয়াৰ বাবে ১২ আৰু ১৩ আগষ্টত উপস্থিত থাকিব ।"

"ৰাহুল গান্ধীক ৱায়ানাডত এনে এক উষ্ম আদৰণি জনোৱা হ'ব, যিটো ইতিহাসত কেতিয়াও হোৱা নাই ।" ছিদ্দিকে লগতে কয় । ইফালে দলীয় সূত্ৰ অনুসৰি, ৰাহুল গান্ধীৰ নামত ১২ তোঘলক লেনৰ বাংলোটো পুনৰ আবণ্টন কৰা হৈছে । "ৰাহুল গান্ধীয়ে সাংসদ হিচাপে দিল্লীত এটা বাংলো আবণ্টন কৰাৰ বাবে ইষ্টেট কাৰ্যালয়ৰ পৰা আনুষ্ঠানিক নিশ্চিতি লাভ কৰিছে ।" সূত্ৰটোৱে মঙলবাৰে কয় ।

উল্লেখ্য যে দোষী সাব্যস্ত হোৱাৰ ফলস্বৰূপে কংগ্ৰেছ নেতাজনক ২৪ মাৰ্চত সংসদৰ নিম্ন সদনৰ সদস্য হিচাপে অযোগ্য ঘোষণা কৰা হৈছিল । লগতে 'মোদী উপাধি' মন্তব্যৰ বাবে তেওঁক দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰা হৈছিল । ইয়াৰ পিছত চুৰাট ছেছন আদালতে ২০ এপ্ৰিলত মানহানিৰ গোচৰত তেওঁ দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশ প্ৰদানৰ বাবে তেওঁৰ অন্তৰ্ৱৰ্তীকালীন আবেদনৰ ওপৰত নিৰ্দেশ ঘোষণা কৰাৰ এদিন পিছত বাংলোটো খালী কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল । ৰাহুল গান্ধীয়ে তেতিয়াৰে পৰা কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ছোনিয়া গান্ধীৰ ১০ জনপথ ৰোডৰ বাসগৃহতে আছিল ।

লগতে পঢ়ক :Rahul Gandhi slams PM: প্ৰধানমন্ত্ৰীয়ে মণিপুৰ জ্বলাই শেষ কৰিব বিচাৰিছে; ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details