নেশ্যনেল ডেস্ক,১ এপ্ৰিল:কেৰালাৰ ৱায়ানাডত ৰাহুল গান্ধীৰ নেতৃত্বৰ নিৰ্বাচনী প্ৰচাৰ । মনন্থাবাদীত এক পদযাত্ৰাৰে নেতাগৰাকীয়ে আৰম্ভ কৰে এই প্ৰচাৰ অভিযানৰ । এই পদযাত্ৰা এৰুমাথেৰুৰ পৰা আৰম্ভ হৈছিল আৰু বাছ আস্থানত সমাপ্ত হৈছিল । ইয়াৰ পিছতে গান্ধী পাৰ্কত সমৰ্থক তথা দলৰ কৰ্মীসকলক সম্বোধন কৰি নেতাগৰাকীয়ে কয় যে তেওঁ আদৰ্শগতভাৱে বাওঁপন্থীক বিৰোধিতা কৰিছিল ,কিন্তু তেওঁলোকক প্ৰকৃতাৰ্থত বেয়া নাপাই ৰাহুল গান্ধীয়ে ।
জিলাখনত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিবলৈ আৰু সীমান্ত অঞ্চলৰ সমস্যা সমাধানৰ বাবে কেন্দ্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল যদিও এই ক্ষেত্ৰত তেওঁ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ পৰা সম্পূৰ্ণ সমৰ্থন নোপোৱাৰ অভিযোগ কৰে ।