নিউজ ডেস্ক, 24 মাৰ্চ:অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিচত ৰাহুল গান্ধীক সংসদৰ পৰা অযোগ্য ঘোষণা কৰাটো ভাৰতীয় ৰাজনীতিৰ ইতিহাসত প্ৰথমটো গোচৰ নহয় । গান্ধীৰ নিলম্বনে সেই পাণ্ডোৰাৰ মুকলি কৰে, য’ত কেইবাজনো সাংসদ আৰু বিধায়কক বিভিন্ন কাৰণত নিজ নিজ বিধানসভা আৰু সংসদৰ পৰা নিলম্বন কৰা হৈছে (Rahul Gandhi disqualified from Loksabha) ।
শেহতীয়া গোচৰটো হৈছে দেৱীকুলামৰ সংৰক্ষিত আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ভুৱা জাতিৰ প্ৰমাণ পত্ৰ দিয়াৰ অভিযোগত অযোগ্য ঘোষণা কৰা এ ৰাজাৰ । যদিও দলটোৱে কেৰালা উচ্চ ন্যায়ালয়ৰ আদেশত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছিল ৷ কিন্তু বৰ্তমান দেৱীকুলুমৰ নিৰ্বাচন বাতিল হৈ আছে আৰু ৰাজাক সাংসদ হোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে (A Raja disqualified for poll fraud) ।
জনপ্ৰতিনিধিত্ব আইন অনুসৰি দুবছৰ বা তাতকৈ অধিক কাৰাদণ্ডৰ শাস্তি পোৱা ব্যক্তিক "এনে দোষী সাব্যস্ত হোৱাৰ তাৰিখৰ পৰা" অযোগ্য ঘোষণা কৰা হয় আৰু কাৰাদণ্ডৰ পিচত আৰু ছবছৰৰ বাবে তেওঁ অযোগ্য হৈ থাকিবলগীয়া হয় । যোৱা দহ বছৰত ৰাজ্যসভাৰ এজনকে ধৰি 26 জন বিধায়ক আৰু 4 জন সাংসদক বিভিন্ন কাৰণত অযোগ্য ঘোষণা কৰা হৈছে (Case against A Raja)।
অপৰাধমূলক গোচৰত দোষী সাব্যস্ত হোৱাৰ পিচত নিলম্বিত হোৱা কিছু সংখ্যক সাংসদৰ নাম তলত উল্লেখ কৰা হ’ল:
এ ৰাজা :নিৰ্বাচনৰ জালিয়াতিৰ বাবে অযোগ্য ঘোষণা কৰা হৈছিল কেৰালাৰ চিপিএমৰ বিধায়কগৰাকীক । ইদুক্কি জিলাৰ সংৰক্ষিত বিধানসভা সমষ্টি দেৱীকুলামৰ পৰা এল ডি এফৰ প্ৰাৰ্থী এ ৰাজাৰ প্ৰাৰ্থীত্বক বাতিল কৰিছিল কেৰালা উচ্চ ন্যায়ালয়ে । সংৰক্ষিত বিধানসভা সমষ্টি দেৱীকুলামৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ভুৱা জাতিগত প্ৰমাণ পত্ৰ দাখিল কৰাৰ অপৰাধত দোষী সাব্যস্ত হয় ৰাজা (A Raja disqualification)।
লালু প্ৰসাদ যাদৱ:2013 চনৰ ছেপ্টেম্বৰ মাহত পশুখাদ্য কেলেংকাৰীৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিচতে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, সাংসদ তথা আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱক লোকসভাত অযোগ্য ঘোষণা কৰা হয় (Lalu Yadav disqualified from Loksabha) ।
অনিল কুমাৰ সাহনি:আৰজেডিৰ বিধায়ক অনিল কুমাৰ সাহনিক প্ৰৱঞ্চনামূলকভাৱে ধন উলিওৱাৰ অপৰাধত দোষী সাব্যস্ত কৰি তিনি বছৰৰ কাৰাদণ্ড বিহা হৈছিল ৷ এল চি টিয়ে উত্থাপন কৰা ভুৱা বিধেয়কৰ অভিযোগত সাহনিক এই শাস্তি প্ৰদান কৰা হয় ৷ এই অপৰাধৰ সময়ত তেওঁ আছিল ৰাজ্যসভাৰ সাংসদ আৰু দোষী সাব্যস্ত হোৱাৰ সময়ত তেওঁ বিধায়ক আছিল ৷ কাৰাদণ্ডেৰে দণ্ডিত সাহনিৰ বিধানসভাৰ সদস্য পদ খাৰিজ কৰা হৈছিল (Case against RJD leader Anil Sahni) ৷
লগতে পঢ়ক:Priyanka Gandhi Vadra: একনায়কত্ববাদী নেতাক আমি প্ৰণাম নকৰোঁ; প্ৰিয়ংকা গান্ধী
অনন্ত কুমাৰ সিং:আৰজেডিৰ বিধায়ক অনন্ত কুমাৰ সিঙক বিহাৰ বিধানসভাত অযোগ্য ঘোষণা কৰা হৈছিল ৷ 2019 চনত পাটনাৰ বাৰহ আৰক্ষী থানাৰ অন্তৰ্গত নাদৱাত সিঙৰ গৃহত উদ্ধাৰ হৈছিল AK-47 এচাল্ট ৰাইফল আৰু আন কেতবোৰ অস্ত্ৰ ৷ সেই গোচৰত দোষী সাব্যস্ত হোৱা অনন্ত সিঙৰ বিধায়ক পদ খাৰিজ কৰা হয় (Case against Anant Kumar Singh) ৷
জে জয়াললিতা:অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত চাৰি বছৰৰ কাৰাদণ্ড বিহাৰ পিচত 2014 চনৰ ছেপ্টেম্বৰ মাহত তামিলনাডু বিধানসভাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল AIDMKৰ মুৰব্বী জে জয়াললিতাক । অযোগ্য ঘোষণাৰ সময়ত তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি পদৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল জয়াললিতাই ।
পি পি মহম্মদ ফৈজল:2023 চনৰ জানুৱাৰী মাহত হত্যাৰ চেষ্টাৰ গোচৰত 10 বছৰৰ কাৰাদণ্ড বিহা হোৱাৰ পিচত জাতীয়তাবাদী কংগ্ৰেছ দলৰ লক্ষাদ্বীপৰ সাংসদ পি পি মহম্মদ ফৈজল স্বয়ংক্ৰিয়ভাৱে অযোগ্য বিবেচিত হৈছিল । কিন্তু পিচত কেৰালা উচ্চ ন্যায়ালয়ে তেওঁৰ দোষী সাব্যস্ত আৰু শাস্তিৰ নিৰ্দেশ স্থগিত ৰাখিছিল । সাংসদগৰাকীৰ মতে, লোকসভা সচিবালয়ে এতিয়াও তেওঁৰ অযোগ্যতা বাতিলৰ অধিসূচনা জাৰি কৰা নাই ।
আজম খান:2019চনত ঘৃণাত্মক ভাষণ প্ৰদানৰ গোচৰত আদালতে তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল সমাজৱাদী পাৰ্টীৰ নেতা আজম খানক ৷ পিচত 2022 চনৰ অক্টোবৰ মাহত আজম খানক উত্তৰ প্ৰদেশ বিধানসভাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল । তেওঁ বিধানসভাত ৰামপুৰ সদৰক প্ৰতিনিধিত্ব কৰিছিল৷
বিক্ৰম সিং ছেইনি:বিজেপিৰ বিধায়ক বিক্ৰম সিং ছেইনিক 2013 চনৰ মুজাফ্ফৰনগৰ সংঘৰ্ষৰ গোচৰত দুবছৰৰ কাৰাদণ্ড বিহাৰ পিচত 2022 চনৰ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ উত্তৰ প্ৰদেশ বিধানসভাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল । ছেইনি আছিল মুজাফ্ফৰনগৰৰ খটৌলীৰ বিধায়ক ।
প্ৰদীপ চৌধাৰী: আক্ৰমণৰ গোচৰত তিনি বছৰৰ কাৰাদণ্ড বিহাৰ পাচত কংগ্ৰেছৰ বিধায়ক প্ৰদীপ চৌধাৰীক 2021 চনৰ জানুৱাৰী মাহত হাৰিয়ানা বিধানসভাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল । তেওঁ আছিল কলকাৰ বিধায়ক ।
লগতে পঢ়ক:Rahul Gandhi conviction: কণ্ঠৰুদ্ধ কৰিবলৈ বিজেপিয়ে ষড়যন্ত্ৰ কৰিছে ৰাহুল গান্ধীৰ বিৰুদ্ধে; বিৰোধীৰ অভিযোগ
কুলদীপ সিং ছেংগাৰ: কুলদীপ সিং ছেংগাৰক ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিচত 2020 চনৰ ফেব্ৰুৱাৰী মাহত উত্তৰ প্ৰদেশ বিধানসভাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল । উন্নাওৰ বাংগাৰমৌ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা ছেংগাৰক ইয়াৰ পূৰ্বে বিজেপিয়ে দলৰ পৰাও বহিষ্কাৰ কৰিছিল ।
আব্দুল্লা আজম খান:সমাজবাদী পাৰ্টীৰ বিধায়ক আব্দুল্লা আজম খানক 15 বছৰ পুৰণি এটা গোচৰত আদালতে দুবছৰৰ কাৰাদণ্ডৰ শাস্তি দিয়াৰ কিছুদিন পিচতে 2023 চনৰ ফেব্ৰুৱাৰী মাহত উত্তৰ প্ৰদেশ বিধানসভাৰ পৰা অযোগ্য ঘোষণা কৰিছিল । তেওঁ বিধানসভাত ৰামপুৰ জিলাৰ সুৱাৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল । 2007 চনৰ 31 ডিচেম্বৰত ৰামপুৰৰ চি আৰ পি এফৰ শিবিৰত আক্ৰমণৰ পিচত আজম খানৰ পুত্ৰ আব্দুল্লা আজম খানৰ অশ্বাৰোহী দলটোক তালাচীৰ বাবে আৰক্ষীয়ে ৰাস্তাত ৰখোৱাত ঘাইপথতে ধৰ্ণা প্ৰদৰ্শন কৰিছিল ৷