অসম

assam

ETV Bharat / bharat

Rajasthan Congress Crisis : শচীন পাইলট আৰু অশোক গেহলটৰ সৈতে ৰাহুল গান্ধীৰ ৰুদ্ধদ্বাৰ বৈঠক

ৰাজস্থান কংগ্ৰেছত হোৱা বিবাদৰ মাজতে সাংসদ ৰাহুল গান্ধীৰ অধ্যক্ষতাত এখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় (Rahul Gandhi meeting with Gehlot and Sachin Pilot) । সোমবাৰে অনুষ্ঠিত হোৱা উক্ত বৈঠকত দুয়োজন বিবাদী নেতা মুখ্যমন্ত্ৰী অশোক গেহলট আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলটে অংশগ্ৰহণ কৰে ।

Rahul
Rahul

By

Published : Dec 20, 2022, 2:14 PM IST

নিউজ ডেস্ক, ২০ ডিচেম্বৰ :ৰাজস্থান কংগ্ৰেছত হোৱা বিবাদৰ মাজতে সাংসদ ৰাহুল গান্ধীৰ অধ্যক্ষতাত এখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় (Rahul Gandhi meeting with Gehlot and Sachin Pilot) । সোমবাৰে অনুষ্ঠিত হোৱা উক্ত বৈঠকত দুয়োজন বিবাদী নেতা মুখ্যমন্ত্ৰী অশোক গেহলট আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলটে অংশগ্ৰহণ কৰে । আলৱাৰৰ চাৰ্কিট হাউছত অনুষ্ঠিত শেষ নিশাৰ বৈঠকখন প্ৰায় এঘণ্টা ধৰি চলে (Rahul Gandhi meeting at Circuit House in Alwar) ।

উল্লেখ্য, চলিত ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰি ৰাহুল গান্ধী আৰু অশোক গেহলট, শচীন পাইলট আৰু জিতেন্দ্ৰ সিঙকে ধৰি অন্যান্য বিশিষ্ট কংগ্ৰেছ নেতাসকল বৈঠকস্থলীত উপস্থিত হয় (Rahul Gandhi Bharat Jodo Yatra) । ৰাহুল গান্ধী বৈঠকৰ পৰা ওলাই অহাৰ লগে লগে সংবাদ মাধ্যমে তেওঁক স্পষ্ট প্ৰশ্ন কৰে যে, গেহলট আৰু পাইলটৰ সন্দৰ্ভত তেওঁ কিবা ভাল খবৰ দিব নেকি (Rajasthan Congress Crisis) ।

ৰাহুল গান্ধীয়ে মিচিকিয়াই উত্তৰ দিয়ে যে প্ৰচেষ্টা চলি আছে । উল্লেখ্য, ৰাজস্থানত অশোক গেহলট আৰু শচীন পাইলটৰ মাজত দীৰ্ঘদিন ধৰি বাকযুদ্ধ চলি আছে, যি কংগ্ৰেছৰ দৃষ্টিকোণৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰভাৱ পেলাব পাৰে (Ashok Gehlot and Sachin Pilot controversy) । দুয়োটা গোটৰ নেতাই নিৰন্তৰ ইজনে সিজনক মৌখিকভাৱে আক্ৰমণ কৰি আহিছে ।

তেনে পৰিস্থিতিত ভাৰত জোড়ো যাত্ৰাৰ সময়ত আলৱাৰত উপস্থিত হোৱা ৰাহুল গান্ধীয়ে হঠাতে এই সমস্যাৰ সমাধান বিচাৰি এখন সভা অনুষ্ঠিত কৰে । আলৱাৰৰ আৱৰ্ত ভৱনত এক নৈশভোজৰ আয়োজন কৰা হৈছিল । তাত ৰাজ্যৰ মুখ্যমন্ত্ৰী অশোক গেহলট (Rajasthan Chief Minister Ashok Gehlot), ৰাজ্যিক কংগ্ৰেছৰ সভাপতি গোবিন্দ সিং দোতাচাৰা, শচীন পাইলট আৰু বহুতো বিধায়ক উপস্থিত থাকে । সকলোৱে একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰে আৰু সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰে ।

উল্লেখ্য যে, ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত জোড়ো যাত্ৰাই ইতিমধ্যে ১০০ দিন অতিক্ৰম কৰিছে । বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি কংগ্ৰেছে উক্ত যাত্ৰাকালত ৰাইজৰ মাজত সজাগতা সৃষ্টি আৰু বিজেপিৰ বিৰুদ্ধে জনমত গঠনৰ প্ৰচেষ্টা চলাই আহিছে । কিন্তু তাৰ মাজতে বহুকেইখন ৰাজ্যত কংগ্ৰেছৰ আভ্যন্তৰীণ কন্দলে মূৰ দাঙি উঠিছে ।

ৰাজস্থানত মুখ্যমন্ত্ৰী অশোক গেহলট আৰু উপ-মুখ্যমন্ত্ৰী শচীন পাইলটৰ মাজত দূৰত্ব দীৰ্ঘদিন ধৰি অব্যাহত আছে । বিশেষকৈ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ সময়ত দুয়োজন নেতাৰ সমৰ্থকৰ মাজত দুটা গোটৰ সৃষ্টি হৈ এক মেৰু বিভাজন স্পষ্ট হৈ পৰিছিল । আনকি মুখ্যমন্ত্ৰী অশোক গেহলটপন্থী বিধায়কসকলে সমূহীয়াভাৱে পদত্যাগৰ বাবেও আগবাঢ়িছিল । কিন্তু পৰৱৰ্তী সময়ত ছোনিয়া গান্ধীৰ প্ৰত্যক্ষ হস্তক্ষেপত উক্ত বিবাদ সাময়িকভাৱে শাম কাটে । ইফালে অসমতো কংগ্ৰেছৰ আভ্যন্তৰীণ কন্দলে মূৰ দাঙি উঠিছে ।

শেহতীয়াভাৱে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অংকিতা দত্তক আঁতৰাই যুৱ কংগ্ৰেছৰ নিৰ্বাচন ঘোষণাক লৈও তলে তলে নেতৃত্বৰ ওপৰত ক্ষোভৰ জুই জ্বলি আছে । কোন মুহূৰ্তত ই আগ্নেয়গিৰিৰ উদ্গীৰণৰ ৰূপ লয় তাৰ বাবেও সকলো সচেষ্ট হৈ আছে ।

লগতে পঢ়ক :Parliament Winter Session 2022 : টাৱাং প্ৰসংগত উচ্চ সদনত বিজেপিৰ সৈতে কংগ্ৰেছৰ তীব্ৰ বাদানুবাদ

ABOUT THE AUTHOR

...view details