নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ:কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ন্যূনতম সমৰ্থন মূল্য আৰু কৃষি উৎপাদন বজাৰ কমিটি আইনক কেন্দ্ৰ কৰি তীব্ৰ সমালোচনা কৰে । লগতে কৃষক নেতৃত্বাধীন বিক্ষোভক সমৰ্থন কৰাৰ বাবেও আহ্বান জনায় ।
MSP, APMC সন্দৰ্ভত কেন্দ্ৰক সমালোচনা ৰাহুল গান্ধীৰ - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
MSP, APMC সন্দৰ্ভত কেন্দ্ৰক সমালোচনা কৰে ৰাহুল গান্ধীয়ে । লগতে কৃষক নেতৃত্বাধীন বিক্ষোভক সমৰ্থন কৰিবলৈয়ো আহ্বান জনায় সাংসদগৰাকীয়ে ।
MSP, APMC ক লৈ কেন্দ্ৰক সমালোচন ৰাহুল গান্ধীৰ
"MSP-APMC অবিহন বিহাৰৰ কৃষকসকল সমস্যাত পৰিছে আৰু এতিয়া প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশকে বিপদৰ দিশে ঠেলি দিছে । এনে পৰিস্থিতিত কৃষকসকলৰ সৈতে থকাটো প্ৰতিগৰাকী নাগৰিকৰ কৰ্তব্য" বুলি এক টুইটযোগে উল্লেখ কৰে ৰাহুল গান্ধীয়ে ।
লগতে পঢ়ক:দিল্লীলৈ সোণোৱালৰ চিঠি: ডিব্ৰুগড় দূৰদৰ্শন আৰু অনাতাৰ কেন্দ্ৰক বৰ্তমানৰ ৰূপতে বাহাল ৰাখক