অসম

assam

ETV Bharat / bharat

Rahul Gandhi in MP : মধ্যপ্ৰদেশৰ শ্বাজাপুৰত ৰাহুল গান্ধীৰ তীব্ৰ আক্ৰমণ বিজেপিক

শ্বাজাপুৰত ৰাহুল গান্ধীয়ে জনসভা সম্বোধন কৰি বিজেপি আৰু আৰএছএছক তীব্ৰ সমালোচনা কৰে । অ'বিচি আৰু নাৰী সংৰক্ষণ বিধেয়ক সন্দৰ্ভত বিজেপিক সমালোচনা গান্ধীৰ ।

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 8:06 PM IST

Rahul Gandhi in MP
শ্বাজাপুৰত ৰাহুল গান্ধীৰ তীব্ৰ আক্ৰমণ বিজেপিক

নেশ্যনেল ডেস্ক,৩০ ছেপ্টেম্বৰ : 'এয়া আমাৰ আদৰ্শৰ যুঁজ । এফালে কংগ্ৰেছ, আনফালে আৰএছএছ আৰু বিজেপি । এফালে গান্ধীজী, আনফালে গডছে । এফালে ঘৃণা, হিংসা, অহংকাৰ আৰু আনফালে প্ৰেম, সন্মান, ভাতৃত্ববোধ । তেওঁলোকে য'লৈকে যায়, তেওঁলোকে ঘৃণা বিয়পাই ।' এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । মধ্যপ্ৰদেশৰ শ্বাজাপুৰ জিলাত এক জনসভাত বিজেপিক এনেদৰে আক্ৰমণ কৰে ৰাহুল গান্ধীয়ে ।

উল্লেখ্য যে দেশৰ ৫ খন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । যাক লৈ দলবোৰৰ মাজত নিৰ্বাচনী যুঁজ আৰম্ভ হৈছে । বিশেষকৈ দলৰ নেতাসকলৰ মাজত বাকযুদ্ধ আকৰ্ষণীয় হৈ পৰিছে । বিশেষকৈ বিজেপি আৰু কংগ্ৰেছৰ মাজত এই বাকযুদ্ধ অতি আকৰ্ষণীয় হোৱা দেখা গৈছে । নিৰ্বাচনমুখী ৰাজ্যসমূহত দুয়োটা দলৰে শীৰ্ষ নেতাসকলে নিৰ্বাচনী প্ৰচাৰত অংশ লৈছে । য'ত তেওঁলোকে বিৰোধী দলক সমালোচনা কৰিছে আৰু ভোটাৰক আকৰ্ষণৰ চেষ্টা কৰিছে ।

শনিবাৰে মধ্যপ্ৰদেশত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এক জনসভাত অংশগ্ৰহণ কৰে । য'ত তেওঁ বিজেপি দলক তীব্ৰ আক্ৰমণ কৰে । অ'বিচি সংৰক্ষণৰ ওপৰত তেওঁ দলটোক সমালোচনা কৰি কয় যে মাত্ৰ ৯০ জন বিষয়াই দেশ খন চলাই আছে । তেওঁলোকে সিদ্ধান্ত লয় যে টকাবোৰ ক'লৈ যাব । অৱশ্যে, ইয়াৰে মাত্ৰ ৩ জন বিষয়া অ'বিচিৰ । ভাৰতৰ মুঠ বাজেটত মাত্ৰ ৫ শতাংশ অ'বিচি বিষয়া আছে । আনহাতে, ভাৰতৰ জনসংখ্যাৰ ৫০ শতাংশই অ'বিচি । যেতিয়া তেওঁ লোকসভাত জাতিগত লোকপিয়লৰ প্ৰশ্ন উত্থাপন কৰে বিজেপিৰ নেতাসকল কঁপিবলৈ আৰম্ভ কৰে বুলি তেওঁ অভিযোগ কৰে । নৰেন্দ্ৰ মোদীয়ে পলাই যাবলৈ আৰম্ভ কৰে বুলিও তেওঁ অভিযোগ কৰে ।

মধ্যপ্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে সভাত উপস্থিত থাকি কয় যে বিজেপিয়ে ৰেট কাৰ্ড যাত্ৰা উলিয়াব লাগে । বিজেপিয়ে সকলো ক্ষেত্ৰতে ৫০ শতাংশ কমিছনৰ ব্যৱস্থা কৰিছে । পঞ্চায়তৰ পৰা মন্ত্ৰালয়লৈ দুৰ্নীতি হৈছে বুলি তেওঁ অভিযোগ কৰে । মধ্যপ্ৰদেশ চৰকাৰক সমালোচনা কৰি কমল নাথে কয় যে সমগ্ৰ ৰাজ্যতে দুৰ্নীতি হৈছে । সমগ্ৰ ৰাজ্যত দুৰ্নীতিৰ কাহিনী লিখা মামাক বিদায় দিয়াৰ সময় আহি পৰিছে বুলিও তেওঁ দাবী কৰে । ১৮ বছৰ ধৰি শিৱৰাজ সিঙে ৰাজ্যখনক ধ্বংসৰ মুখলৈ ঠেলি দিছে ।

সংবাদ মাধ্যমৰ ভূমিক সন্দৰ্ভত কংগ্ৰেছ নেতাসকলে কয় যে দেশৰ ৰাইজে সত্য শুনিব বিচাৰে কিন্তু সংবাদ মাধ্যমে সত্যবোৰ নেদেখুৱায় ।

ৰাহুল গান্ধীয়ে নাৰী সংৰক্ষণ বিধেয়ক সন্দৰ্ভত কয় যে শেহতীয়াকৈ বিজেপিয়ে নাৰী সংৰক্ষণৰ কথা কৈছে । কিন্তু পৰৱৰ্তী ১০ বছৰলৈ দেশত নাৰী সংৰক্ষণ কাৰ্যকৰী কৰিব নোৱাৰে বুলিও তেওঁ দাবী কৰে । নৰীা সংৰক্ষণত কিয় কোনো অ'বিচি সংৰক্ষণ নাই বুলি তেওঁ প্ৰশ্ন কৰে । ৰাহুল গান্ধীৰ মতে আইন আৰএছএছ আৰু বিজেপিয়ে প্ৰস্তুত কৰে । আনকি বিজেপিৰ সাংসদসকলেও এই বিষয়ে নাজানে ।

উল্লেখ্য যে মধ্যপ্ৰদেশৰ শাজাপুৰ জিলাৰ পোলাইকলাত ৰাহুল গান্ধীৰ জন আক্ৰোশ সভাত শাজাপুৰ, দেৱাছ, ৰাজগড়, ভূপাল, উজ্জয়িনী, ইন্দোৰ আৰু অন্যান্য জিলাৰ হাজাৰ হাজাৰ কৰ্মী তথা সমৰ্থকে অংশগ্ৰহণ কৰে । প্ৰথমবাৰৰ বাবে এনেদৰে বৃহৎ সংখ্যক কংগ্ৰেছী সমবেত হোৱা দেখা গৈছে ।

লগতে পঢ়ক :Cleanliness drive : স্বচ্ছ অভিযানত দেশবাসীক অংশগ্ৰহণৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details