অসম

assam

ETV Bharat / bharat

Flying Kiss Controversy: ৰাহুল গান্ধীৰ ছোৱালীৰ কোনো অভাৱ নাই; ফ্লায়িং কিছ সন্দৰ্ভত কংগ্ৰেছ বিধায়িকা নীতু সিঙৰ চাঞ্চল্যকৰ মন্তব্য - MLA Neetu sing slams Smriti Irani

বিহাৰৰ কংগ্ৰেছ বিধায়িকা নীতু সিঙে ৰাহুল গান্ধীৰ 'ফ্লায়িং কিছ' সন্দৰ্ভত এক ডাঙৰ বিবৃতি দিছে । তেওঁ কয়, "ৰাহুল গান্ধীৰ জীৱনত ছোৱালীৰ কোনো অভাৱ নাই, যিয়ে এগৰাকী ৫০ বছৰীয়া মহিলাক চুম্বন কৰিব ।"

Rahul Gandhi Flying Kiss Controversy
Rahul Gandhi Flying Kiss Controversy

By

Published : Aug 11, 2023, 1:53 PM IST

নিউজ ডেস্ক, ১১ আগষ্ট :সদনত ৰাহুল গান্ধীৰ 'ফ্লায়িং কিছ'ৰ বিষয়টোৱে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে । তাৰ মাজতে এইবাৰ এই বিতৰ্কত এক নতুন মাত্ৰা প্ৰদান কৰিছে কংগ্ৰেছৰ এগৰাকী বিধায়িকাই । বিজেপি নেত্ৰী স্মৃতি ইৰাণীৰ অভিযোগৰ পিছত কংগ্ৰেছ নেতাসকলে নিৰন্তৰভাৱে বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি আহিছে । এইবাৰ এই ক্ৰমত যোগ দিলে বিহাৰৰ কংগ্ৰেছ বিধায়িকা নীতু সিঙে । তেওঁ ৰাহুল গান্ধীৰ সপক্ষে এক ডাঙৰ কথা কৈছে ।

কংগ্ৰেছ বিধায়িকা নীতু সিঙে এক বিতৰ্কিত মন্তব্য দি কৈছে, "আমাৰ নেতা ৰাহুল গান্ধীৰ ছোৱালীৰ কোনো অভাৱ নাই । যদি ৰাহুল গান্ধীয়ে ফ্লায়িং কিছ দিবলগা হয়, তেন্তে তেওঁ এগৰাকী ৫০ বছৰীয়া মহিলাক কিয় দিব ?" সেয়েহে স্মৃতি ইৰাণীয়ে উত্থাপন কৰা সকলো অভিযোগ ভিত্তিহীন বুলি তেওঁ কয় । ইয়াত কোনো ফ্লায়িং কিছৰ ঘটনা নাই । কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে নিজৰ ফালে এবাৰ চাওক । যিগৰাকী বান্ধৱীয়ে তেওঁক আশ্ৰয় দিছিল আৰু সহায় কৰিছিল, তেওঁৰেই স্বামীক তেওঁৰ পৰা আঁতৰাই আনি বিয়া কৰাইছিল ।

নীতু সিঙে কয় যে স্মৃতি ইৰাণীয়ে আমাৰ নেতা ৰাহুল গান্ধীৰ বিষয়ে কৈছে । কিন্তু তেওঁ এনে প্ৰশ্ন উত্থাপন কৰাৰ বাবে লজ্জিত হোৱা উচিত । "আমি সকলোৱে ভিডিঅ'টো দেখিছোঁ । তাত তেনেকুৱা একো হোৱা নাই । ৰাহুল গান্ধীয়ে অধ্যক্ষৰ ফালে আঙুলিয়াই আছিল আৰু মই নাজানো স্মৃতি ইৰাণীয়ে কেনেকৈ বুজি পাইছিল যে ৰাহুল গান্ধীজীয়ে তেওঁক এটা ফ্লায়িং কিছ দিছিল ।" নীতু সিঙে কয় ।

তেওঁ লগতে কয়, স্মৃতি ইৰাণীয়ে যি অভিযোগ কৰিছে সদনত তেনে একো হোৱা নাই । এই সকলোবোৰ স্মৃতি ইৰাণীৰ এক সুচিন্তিত ষড়যন্ত্ৰ । তেওঁ ভুল তথ্য প্ৰচাৰ কৰিবলৈ চেষ্টা কৰি আছে । নীতু সিঙে তেওঁৰ সমষ্টিৰ পৰা এই বিবৃতি প্ৰদান কৰে ।

"ৰাহুল গান্ধীৰ ছোৱালীৰ কোনো অভাৱ নাই । যদি ৰাহুল গান্ধীয়ে ফ্লায়িং কিছ দিবলগা হয়, তেন্তে তেওঁ এগৰাকী ৫০ বছৰীয়া মহিলাক কিয় দিব ? স্মৃতি ইৰাণীয়ে লজ্জিত হোৱা উচিত যে, তেওঁক যিগৰাকী মহিলাই আশ্ৰয় দিছিল আৰু সহায় কৰিছিল, তেওঁৰে স্বামীৰ সৈতে পলাই গৈছিল আৰু বিবাহপাশত আবদ্ধ হৈছিল । ৰাহুল গান্ধীৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ সম্পূৰ্ণ ভুল । মই ভিডিঅ'টোত তেনেকুৱা একো দেখা নাই ।" কংগ্ৰেছ বিধায়িকা নীতু সিঙে কয় ।

লগতে পঢ়ক :MP Adhir Ranjan Chowdhury suspension : অধীৰ ৰঞ্জন চৌধুৰীৰ নিলম্বনক লৈ বৈঠকৰ আহ্বান ছোনিয়া গান্ধীৰ

ABOUT THE AUTHOR

...view details