নেশ্যনেল ডেস্ক,৩ এপ্ৰিল :কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে চুৰাট সত্ৰ আদালতত শাস্তিৰ প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিলে (Rahul Gandhi filed two petitions in Court)। বিগত মাহত, ৰাহুল গান্ধীক মোডী উপাধি সম্পৰ্কীয় মানহানিৰ গোচৰত দুবছৰৰ কাৰাদণ্ড দিয়া হৈছিল (Modi surname case)। লগে লগে তেওঁৰ সাংসদ পদও খাৰিজ কৰা হৈছিল । গোচৰটোৰ ৰায় প্ৰদানৰ ৩০ দিনৰ ভিতৰত আবেদন দাখিল কৰে ৰাহুল গান্ধীয়ে । ৰাহুল গান্ধীয়ে দাখিল কৰা আবেদন ৬৮ পৃষ্ঠাৰ আছিল ।
জানিব পৰা মতে এইবাৰ দিল্লীৰ ৰাহুল গান্ধীৰ অধিবক্তাৰ দলটোৱে গোচৰটো চম্ভালিব । অৱশ্যে, আদালতে ৰাহুল গান্ধীক শাস্তি দিয়াৰ দিনাই জামিন প্ৰদান কৰিছিল আৰু তেওঁৰ শাস্তিৰ কাৰ্যকৰীকৰণ ৩০ দিনৰ বাবে স্থগিত ৰাখিছিল (Rahul Gandhi bail)। যাতে তেওঁ উচ্চ ন্যায়ালয়ত আপীল দাখিল কৰিব পাৰে । ইতিমধ্যে তেওঁৰ আপীল দাখিলৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে ।
তেওঁৰ অধিবক্তাই দুখন আবেদন দাখিল কৰাৰ পাছতে আবেলি ৩ বজাত চুৰাটৰ সত্ৰ আদালতত ৰাহুল গান্ধী হাজিৰ হয় (Rahul Gandhi at Surat Sessions Court)। এখন আবেদনৰ শুনানি ৩ মে'ত গ্ৰহণ কৰা হ'ব । ইয়াৰ উপৰিও, মানহানিৰ গোচৰত ৰাহুল গান্ধীক জামিন দিয়া সম্পৰ্কত পৰৱৰ্তী শুনানি ১৩ এপ্ৰিলত চুৰাট সত্ৰ আদালতত গ্ৰহণ কৰা হ'ব ।