নেশ্যনেল ডেস্ক,২৯ মাৰ্চ: দেশবাসীক ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । টুইটযোগে জনোৱা শুভেচ্ছা জনোৱাৰ লগতে ক'ভিড প্ৰট'কল মানি চলিবলৈ আৰু সুৰক্ষিত হৈ থাকিবলৈ সকলোকে আহ্বান জনায় কংগ্ৰেছ নেতাগৰাকীয়ে ।
আনহাতে, পৰিয়ালৰ সৈতে ফাকুৱা উদযাপনৰ ভিডিঅ' শ্বেয়াৰ কৰি কংগ্ৰেছৰ মুখপাত্ৰ জয়বীৰ শ্বেৰগীলে লিখিছে যে, "হাঁহি, আনন্দ, ৰঙেৰে সমৃদ্ধ ফাকুৱাই আমাক জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদানসমূহৰ গুৰুত্বৰ বিষয়ে শিকায়" । লগতে প্ৰিয়জনৰ সৈতে ক'ভিডৰ পৰা সুৰক্ষিত ফাকুৱা উদযাপনৰ বাবে সকলোকে আহ্বান জনায় ।