নেশ্যনেল ডেস্ক, ২৬ এপ্ৰিল: ভাৰতত ক'ভিড-১৯ মহামাৰীৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি পাইছে । চৌদিশে হাহাকাৰময় পৰিৱেশ । কৰ'ণাতংকই একপ্ৰকাৰ তচনচ কৰি পেলাইছে সকলো । এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সকলোকে বিনামূলীয়াকৈ ক'ভিড প্ৰতিষেধক প্ৰদান কৰিবলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰ চৰকাৰক দাবী জনায় । লগতে বিজেপিৰ ব্যৱস্থাৰ বাবে যাতে দেশবাসীয়ে ভুগিব নালাগে সেই সম্পৰ্কেও কয় ।
'আলোচনা বহুত হ'ল । এতিয়া দেশৰ সকলো নাগৰিকে বিনামূলীয়াকৈ ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিব লাগে । ভাৰতক বিজেপিৰ ব্যৱস্থাৰ ভুক্তভোগী নকৰিব' এইদৰে সোমবাৰে টুইটাৰযোগে মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । উল্লেখ্য যে, ৰাহুল গান্ধীৰ উপৰিও দলৰ তৰফৰ পৰা সকলোৱে যাতে বিনামূলীয়াকৈ ক'ভিড প্ৰতিষেধক লাভ কৰে তাৰ বাবে পূৰ্বৰে পৰা কৈ অহাৰ লগতে ক'ভিড-১৯ মহামাৰী ৰোধ কৰিবলৈ কেন্দ্ৰ চৰকাৰৰ টীকাকৰণ প্ৰক্ৰিয়াক সমালোচনাও কৰি আহিছে । ইফালে, যোৱা ১৯ এপ্ৰিলত ভাৰত চৰকাৰে ঘোষণা কৰা মতে, এক মে'ৰ পৰা ১৮ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ সকলো লোকৰ আৰম্ভ হ'ব তৃতীয় পৰ্যায়ৰ প্ৰতিষেধক প্ৰদান অভিযান ।