নেশ্যনেল ডেস্ক,৩ জানুৱাৰী : ভাৰত আৰু চীনৰ সীমান্ত বিবাদক লৈ শেহতীয়াকৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা মন্তব্যক শাসকীয় বিজেপিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছে । এইবাৰ নেতাগৰাকীৰ বিৰুদ্ধে বিজেপিৰ মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে কয় যে ৰাহুল গান্ধীয়ে ভাৰতে চীনৰ ওচৰত শিৰ নত কৰাটো বিচাৰে । তেওঁৰ অভিযোগ ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধী নিজেই বিভ্ৰান্তিৰ ভুক্তভোগী হৈ পৰিছে (Sudhanshu Trivedi slams Rahul Gandhi)।
বিজেপিৰ মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে গান্ধীক ১৩৫ কোটি ভাৰতীয়ক নিৰুৎসাহিত কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে আৰু কয় যে তেওঁৰ বক্তব্য কেৱল নিন্দনীয়ই নহয় ক্ষমাৰো যোগ্য নহয় ।
উল্লেখ্য যে অভিনেতা তথা ৰাজনীতিবিদ কামাল হাছানৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত গান্ধীয়ে শেহতীয়াকৈ কৈছিল যে চীনে ভাৰতৰ সৈতে একে নীতি অনুসৰণ কৰি আছে যিটো ৰাছিয়াই ইউক্ৰেইনৰ সৈতে গ্ৰহণ কৰিছে (Rahul Gandhi statement over border dispute)। যিহেতু চীনে ভাৰতৰ সীমা সলনি কৰাৰ ভাবুকি দিছে ।
কংগ্ৰেছ নেতাগৰাকীয়ে ইউটিউবত কমল হাছানৰ সৈতে হোৱা বাৰ্তালাপৰ এটা ভিডিঅ' শ্বেয়াৰ কৰি উক্ত বিষয়টো উত্থাপন কৰিছিল । তাৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়া হৈছে । গান্ধীৰ বক্তব্যক নিন্দনীয় আখ্যা দি বিজেপিৰ মুখপাত্ৰ ত্ৰিবেদীয়ে কয় যে কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে দেশবাসীৰ সন্মুখত তেওঁৰ অভিপ্ৰায় স্পষ্ট কৰি দিছে ।বিজেপি নেতাৰগৰাকীৰ মতে এইটোৱে স্পষ্ট কৰে যে কংগ্ৰেছৰ উদ্দেশ্য কি । চীনৰ সৈতে হোৱা বিবাদক লৈ ভাৰতৰ সেনাৰ বাবে প্ৰহাৰ শব্দটো ব্যৱহাৰ কৰাৰ পাছত ৰাহুল গান্ধীয়ে দিয়া বিবৃতিৰ অৰ্থ হৈছে যে ভাৰতে চীনৰ ওচৰত তেওঁৰ চৰকাৰৰ সময়ৰ দৰেই আত্মসমৰ্পণ কৰা উচিত ।
ৰাহুল গান্ধীক প্ৰশ্ন কৰি নেতাগৰাকীয়ে কয় যে তেওঁ ভাৰতীয় সেনাক অৱজ্ঞা কৰাৰ পাছত এতিয়া ১৩৫ কোটি ভাৰতীয়ক কিয় নিৰুৎসাহিত কৰিবলৈ চেষ্টা কৰি আছে । তেওঁ অভিযোগ কৰে যে ৰাহুল গান্ধীয়ে চীনৰ পৰা অনুদানৰ বাবে বা চীনা কমিউনিষ্ট পাৰ্টিৰ সৈতে হোৱা চুক্তিৰ প্ৰতি থকা প্ৰেমৰ বাবে এয়া মন্তব্য কৰিছে । ভাৰতক বুজি পাবলৈও বিজেপি নেতাগৰাকীয়ে ৰাহুল গান্ধীক আহ্বান জনায় ।
ত্ৰিবেদীয়ে লগতে কয় যে ভাৰত এক প্ৰাচীন ৰাষ্ট্ৰ । আমি একমাত্ৰ প্ৰাগ-ঐতিহাসিক আৰু সনাতন ৰাষ্ট্ৰ । ৰাহুল গান্ধীক উদ্দেশ্যি ত্ৰিবেদীয়ে কয় যে ৰাহুল গান্ধীয়ে ভাবে নেকি যে ভাৰতীয়সকল বিভ্ৰান্তিত আছে । ত্ৰিবেদীৰ মতে চাৰিটা প্ৰজন্ম ধৰি ভাৰত কেৱল আৱিষ্কাৰ হৈ আহিছে । ৰাহুল গান্ধী হিন্দু ধৰ্ম আৰু হিন্দুত্ব, অৰ্থনৈতিক নীতি আৰু বৈদেশিক নীতিকলৈও বিভ্ৰান্ত বুলি অভিযোগ কৰি ত্ৰিবেদীয়ে । ত্ৰিবেদীয়ে দাবী কৰা মতে ৰাহুল গান্ধীৰ চকুত মোডী বিৰোধী ছানি পৰিছে আৰু ইয়াৰ বাবে তেওঁ সদায় বাজে কথা কয় ।
লগতে পঢ়ক :Mumbai World Trade Centre: মুম্বাই ৱৰ্ল্ড ট্ৰেড চেণ্টাৰে লাভ কৰিলে প্ৰিমিয়াৰ স্বীকৃতি