নিউজ ডেস্ক, ৩১ মে' : সমষ্টি পুনৰ নিৰ্ধাৰণ কাৰ্য নিৰপেক্ষ হ'ব লাগে, ই কোনো খৰখেদাকৈ কৰা কাৰ্য নহয় (Rahul Gandhi on Delimitation) । এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ (congress leader Rahul Gandhi) । বৰ্তমান আমেৰিকা ভ্ৰমণত আছে ৰাহুল গান্ধী । বুধবাৰে ৰাহুল গান্ধীয়ে বুধবাৰে কেলিফ'ৰ্ণিয়াত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে । অনুষ্ঠানত এগৰাকী অংশগ্ৰহণকাৰীয়ে ২০২৬ চনত প্ৰস্তাৱিত সমষ্টি পুনৰ নিৰ্ধাৰণ (proposed delimitation in 2026) সন্দৰ্ভত কংগ্ৰেছ নেতাজনৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত ৰাহুল গান্ধীয়ে এনেদৰে কয় । অংশগ্ৰহণকাৰীজনে কয় যে ইয়াৰ দ্বাৰা দক্ষিণৰ সৰ্বাধিক জনবহুল ৰাজ্যসমূহে ইয়াৰ প্ৰতিনিধিত্ব হেৰুৱাব লাগিব (Rahul Gandhi USA visit) ।
আনহাতে, ৰাহুল গান্ধীয়ে নতুন সংসদ ভৱন উদ্বোধনৰ সমগ্ৰ অনুষ্ঠানটোক এক বিপথগামী কৌশল বুলি অভিহিত কৰে (Rahul Gandhi slams PM Modi) । ইয়াৰ পূৰ্বে ছেংগোল সন্দৰ্ভতো তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাস কৰিছিল । অংশগ্ৰহণকাৰীজনে নতুনকৈ উদ্বোধন কৰা সংসদ ভৱনত ৮৮৮ আসন ৰখাৰ ব্যৱস্থাৰ যুক্তিযুক্ততাও জানিবলৈ বিচাৰে (New parliament buling of India) । তেওঁ এইটোও জানিব বিচাৰে যে জনসংখ্যাৰ ভিত্তিত সমানুপাতিক প্ৰতিনিধিত্ব ন্যায্য আছিলনে নাই ।
"মই চাব লাগিব যে তেওঁলোকে এইটো কৰাৰ বিষয়ত কেনেদৰে চিন্তা কৰি আছে । কিন্তু মই ভাবোঁ যে যেতিয়া কোনোবাই এখন দেশৰ প্ৰতিনিধিত্বমূলক গাঁথনি সলনি কৰিবলৈ যায় তেন্তে তেওঁ অতি সাৱধান হ'ব লাগিব । তেওঁলোকে কেনেকৈ ৮০০ সংখ্যালৈ আহিছে আৰু তেওঁলোকে ব্যৱহাৰ কৰি থকা চৰ্তবোৰ কি সেয়া বুজিবলৈ মই যথেষ্ট আগ্ৰহী হ'ম ।" ৰাহুলে কয় ।