নিউজ ডেস্ক, ১২ জুলাই : 'মোদী উপাধি' গোচৰত ইতিমধ্যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰিছে গুজৰাটৰ এখন ন্যায়ালয়ে । যাৰ বাবে নিজৰ সাংসদ পদো হেৰুৱাবলগীয়া হৈছে ৰাহুল গান্ধীয়ে । আনহাতে, গুজৰাটৰ নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই গুজৰাট উচ্চ ন্যায়ালয়ত এই ৰায়ৰ ওপৰত স্থগিতাদেশৰ বাবে আবেদন জনাইছিল ৰাহুল গান্ধীয়ে । কিন্তু গুজৰাট উচ্চ ন্যায়ালয়ে ইয়াৰ ওপৰত স্থগিতাদেশ দিবলৈ অস্বীকাৰ কৰে । ইয়াৰ পিছতে কংগ্ৰেছে এই মানহানি গোচৰৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত লয় ।
সেই অনুসৰি কংগ্ৰেছে ১২ জুলাইত দেশজুৰি মৌন সত্যাগ্ৰহ পালনৰ কাৰ্যসূচীৰ কথা ঘোষণা কৰে । কংগ্ৰেছ নেতাগৰাকীৰ লগত যে দেশৰ কংগ্ৰেছ কৰ্মীসকল আছে সেয়া প্ৰদৰ্শন কৰিবলৈকে এই কাৰ্যসূচীৰ আহ্বান জনোৱা হৈছে । অৱশ্যে কংগ্ৰেছে মঙলবাৰে কয় যে হিমাচল প্ৰদেশ আৰু পঞ্জাবকে ধৰি চাৰিখন বানপীড়িত ৰাজ্যত বুধবাৰে অনুষ্ঠিত হ'বলগীয়া 'মৌন সত্যাগ্ৰহ' কাৰ্যসূচী স্থগিত ৰাখিছে ।
অৱশ্যে দেশৰ মহা পুৰণি দলটোৱে দৃঢ়তাৰে কয় যে 'মৌন সত্যাগ্ৰহ' বাকী সকলো ৰাজ্যতে অনুষ্ঠিত কৰা হ'ব । উল্লেখ্য যে নেৰানেপেৰা বৰষুণে উত্তৰ ভাৰতক ক্ষতিগ্ৰস্ত কৰিছে । যাৰ ফলত হিমাচল প্ৰদেশত বান পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ৰাজ্যখন বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে । বান আৰু ভূমিস্খলনৰ দৰে ঘটনাত কেইবাজনো লোকৰ মৃত্যু হৈছে । পঞ্জাব আৰু হাৰিয়ানাতো পৰিস্থিতি ভয়ংকৰ ।
আনহাতে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে এক টুইটযোগে কয়, "বৰ্তমান চলি থকা বান পৰিস্থিতিৰ বাবে দিল্লী, হাৰিয়ানা, পঞ্জাব আৰু হিমাচল প্ৰদেশত পৰিকল্পিত মৌন সত্যাগ্ৰহ অহা ১৬ জুলাইত অনুষ্ঠিত হ'ব ।"