নেশ্যনেল ডেস্ক,১৩ মে': কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উদ্দেশ্যি আক্ৰমণাত্মক মন্তব্য কৰে যে, মহামাৰীয়ে সংকটৰ সৃষ্টি কৰা সময়ত সময়ত এতিয়া প্ৰতিষেধক, অক্সিজেন আৰু ঔষধৰ সৈতে প্ৰধানমন্ত্ৰীৰো সন্ধান নোহোৱা হৈছে । কেৱল কেন্দ্ৰীয় চৰকাৰৰ ভিষ্টা প্ৰকল্প আৰু প্ৰধানমন্ত্ৰীৰ ফটোহে এতিয়া বাকী ৰৈছে । বৃহস্পতিবাৰে টুইটযোগে ৰাহুল গান্ধীয়ে এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰে ।
তেওঁ কৈছে যে, এতিয়া কেৱল কেন্দ্ৰীয় ভিষ্টা প্ৰকল্প, ঔষধৰ ওপৰত জি এছ টি আৰু য'তে ত'তে প্ৰধানমন্ত্ৰীৰ ফটোহে আছে । দেশত কৰ'ণাসৃষ্ট পৰিস্থিতি নিয়ন্ত্ৰণ কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কৰি আহিছে কংগ্ৰেছ নেতাগৰাকীয়ে । এতিয়া ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ বাবে সংক্ৰমণৰ হাৰ বৃদ্ধি হোৱাৰ সময়ত পুনৰ দেশত অক্সিজেন, ঔষধ আৰু প্ৰতিষেধকৰ অভাৱৰ বাবে কেন্দ্ৰক সমালোচনা কৰিছে ৰাহুল গান্ধীয়ে ।