নতুন দিল্লী, ১৮ ডিচেম্বৰ:শিৰোনামেৰে পুনৰবাৰ প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজিক সমালোচনা কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । এটা বাতৰি শিৰোনামৰ স্ক্ৰিনশ্বট শ্বেয়াৰ কৰি তেওঁ কয় যে, প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজি চৰকাৰী নে ব্যক্তিগত সম্পত্তি তাক লৈ চৰকাৰ নিশ্চিত নহয় । প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজি সম্পৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কংগ্ৰেছ নেতা ৰণদীপ সিং সূৰ্যেৱালাই বিভিন্ন প্ৰশ্ন উত্থাপন কৰা এদিন পাচতে এনেদৰে মন্তব্য কৰে ৰাহুল গান্ধীয়ে ।
শিৰোনামেৰে প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিক সমালোচনা ৰাহুল গান্ধীৰ - Rahul Gandhi
সুৰজেৱালাই টুইট কৰি ভাৰতীয় দূতাবাসসমূহে প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ প্ৰচাৰ কৰা আৰু বৰঙণি দিয়াৰ লগতে নিষিদ্ধ চীনা এপত ফাণ্ডৰ বিজ্ঞাপন দিয়া সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ প্ৰশ্ন উত্থাপন কৰে ।
![শিৰোনামেৰে প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিক সমালোচনা ৰাহুল গান্ধীৰ শিৰোনামেৰে প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিক সমালোচনা ৰাহুল গান্ধীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-02:52:14:1608196934-9908348-874-9908348-1608190373207.jpg)
Rahul Gandhi criticises PM Cares Fund, says 'Chaliye, transparency ko vanakkam'!
সুৰজেৱালাই টুইট কৰি ভাৰতীয় দূতাবাসসমূহে প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ প্ৰচাৰ কৰা আৰু বৰঙণি দিয়াৰ লগতে নিষিদ্ধ চীনা এপত ফাণ্ডৰ বিজ্ঞাপন দিয়া সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ প্ৰশ্ন উত্থাপন কৰে । তেঁও লগতে পাকিস্তানৰ পৰা কিমান টকা লাভ কৰা হৈছিল আৰু কোনে দান কৰিছিল এই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে । ইয়াৰ লগতে কটৰৰ কোন দুটা কোম্পানীয়ে কিমান বৰঙণি আগবঢ়াইছিল আৰু কিমান কোটি টকা সংগ্ৰহ কৰা হ'ল এই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে ।