অসম

assam

ETV Bharat / bharat

Rahul gandhi tweet on Adani : ৰাহুল গান্ধীক আদালতত দেখা কৰিব হিমন্ত বিশ্ব শৰ্মাই

আদানী সন্দৰ্ভত পুনৰ সৰৱ কংগ্ৰেছ দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী ৷ শনিবাৰে টুইটযোগে আদানীৰ নামৰ সৈতে সাঙুৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; জন্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গুলাম নবী আজাদ, অন্ধ্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰেড্ডী, বিমান মন্ত্ৰী সিন্ধিয়া, আৰু অনিল এণ্টনিৰ নাম ৷ আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত (Rahul gandhi tweet on Adani) ৷

By

Published : Apr 9, 2023, 9:34 AM IST

Updated : Apr 9, 2023, 10:07 AM IST

Rahul gandhi tweet on Adani
ৰাহুল গান্ধীক আদাললত দেখা কৰিব হিমন্ত বিশ্ব শৰ্মাই

নেশ্যনেল ডেস্ক, 9 এপ্ৰিল : অব্যাহত আছে আদানী বিতৰ্ক ৷ শনিবাৰে এটা টুইটত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ‘আদানী’ শব্দটো ব্যৱহাৰ কৰি উল্লেখ কৰিছিল পাঁচজন লোকৰ নাম ৷ টুইটটো প্ৰকাশ হোৱাৰ পাচতে কংগ্ৰছ দলৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰে বিজেপিৰ বহুকেইজন নেতা (Rahul Gandhi controversial tweet) ৷

উল্লেখ্য যে, ৰাহুল গান্ধীয়ে ‘আদানী’ শব্দটো ব্যৱহাৰ কৰি টুইটটোত পাঁচজন বিজেপি নেতাৰ নাম উল্লেখ কৰিছিল - অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জন্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাম নবী আজাদ, অন্ধ্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰেড্ডী, বিমান মন্ত্ৰী সিন্ধিয়া, আৰু অনিল এণ্টনিৰ । “তেওঁলোকে সত্য লুকুৱাই ৰাখিছে আৰু সেইবাবেই তেওঁলোকে বিচলিত হৈ পৰে ! আদানীৰ কোম্পানীৰ নামত বিনিয়োগ কৰা ২০ হাজাৰ কোটি বেনামী টকা কাৰ বুলি পুনৰ একেটা প্ৰশ্নই ৰাহুলে টুইটযোগে উল্লেখ কৰে । লক্ষ্যনীয় বিষয় যে, যোৱা কিছুদিনৰ ভিতৰত বিজেপিত যোগদান কৰা ৰেড্ডী আৰু এণ্টনীৰ বাহিৰেও চি ৰাজগোপালাচাৰীৰ নাতি চি আৰ কেছাৱনেও কংগ্ৰেছ দল এৰি শাসকীয় দলত যোগদান কৰা পৰিলক্ষিত হৈছে (Bjp slams Congress) ।

ৰাহুল গান্ধীয়ে টুইট কৰাৰ পাচতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এক টুইটযোগে ৰাহুলক বফৰ্চ আৰু নেশ্যনেল হেৰাল্ডৰ বিতৰ্কলৈ টানি নিয়াৰ সময়তে তেওঁ আদালতত ৰাহুলক সাক্ষাৎ কৰিব বুলি কংগ্ৰেছ দলৰ প্ৰাক্তন সভাপতিগৰাকীক কটাক্ষ কৰে । অনিল এণ্টনীয়ে ৰাষ্ট্ৰীয় দলৰ এজন প্ৰাক্তন সভাপতিয়ে “ট্ৰ’ল কৰাৰ দৰে” কথা কোৱাটো “দুখৰ” বিষয় বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

অনিল এণ্টনীয়ে ৰাহুলৰ টুইটৰ উত্তৰ দি কয় যে ৰাষ্ট্ৰীয় দলৰ এজন প্ৰাক্তন সভাপতিক “ট্ৰ’লৰ দৰে” কথা কোৱাটো “দুখৰ” কথা । জাতি গঠনৰ কামত দশক দশক ধৰি অৰিহণা যোগোৱা এই ব্যক্তিসকলৰ সৈতে তেওঁৰ নামটো দেখি তেওঁ সুখী বুলি উল্লেখ কৰি যিহেতু কংগ্ৰেছ দলে ভাৰত আৰু দেশৰ জনসাধাৰণৰ বাবে কাম কৰাটো ঠিৰাং কৰিছে গতিকে দল এৰিবলৈ তেওঁ বাধ্য হৈছে বুলিও টুইটটোত উল্লেখ কৰি দলটোক আক্ৰমণ কৰে এণ্টনীয়ে (Assam CM on Rahul Gandhi tweet) ।

অৱশ্যে ৰাহুল গান্ধীৰ টুইট সন্দৰ্ভত ৰেড্ডী, আজাদ আৰু সিন্ধিয়াই কোনো সঁহাৰি প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই । বিতৰ্কৰ সূত্ৰপাত ঘটোৱা এই টুইটটোৰ পিচত কংগ্ৰেছ দলৰ প্ৰাক্তন সভাপতিগৰাকীয়ে আদানীৰ সৈতে চীনৰ সম্পৰ্ক সম্বন্ধীয় এটি ভিডিঅ’ টুইট কৰে ৷

লগতে পঢ়ক :Protest in Dhemaji: ধেমাজিত শিক্ষামন্ত্ৰীক ব্যৰ্থ আখ্যা আছুৰ

Last Updated : Apr 9, 2023, 10:07 AM IST

ABOUT THE AUTHOR

...view details