অসম

assam

ETV Bharat / bharat

Indo china conflict: চীনৰ দখলত ভাৰতৰ ভূখণ্ড; মোদীৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ নেতা ৰাহুল গান্ধী - লাডাখ ভ্ৰমণৰ পৰাই চীনে ভাৰতীয় ভূমিত

চীনৰ মানচিত্ৰত স্থান লাভ কৰিছে অৰুণাচল প্ৰদেশ আৰু আকছাইৰ লগতে কেইবাটাও বিবদমান এলেকা ৷ গ্ল’বেল টাইমছে প্ৰকাশ কৰিছে এই তথ্য ৷ ইয়াৰ পিচতে বিষয়টোক লৈ সৰৱ হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ কংগ্ৰেছ নেতাগৰাকীয়ে লাডাখ ভ্ৰমণৰ পৰাই চীনে ভাৰতীয় ভূমিত “অনুপ্ৰৱেশ” কৰিছে বুলি দাবী তুলি আহিছিল ৷

Indo China border issue
কংগ্ৰেছ নেতা ৰাহুল গান্ধী

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 9:34 AM IST

নেশ্যনেল ডেস্ক, 30 আগষ্ট:শেহতীয়াভাৱে চীনে প্ৰকাশ কৰা 2023 বৰ্ষৰ মানচিত্ৰখনতঅৰুণাচল প্ৰদেশ আৰু আকছাইকে ধৰিদুয়োখন দেশৰ মাজৰ কেবাখনকোনিজৰ মানচিত্ৰখনত স্থান দিয়াৰ পিচতে দেশত বিষয়টোৱে লাভ কৰিছে বিশেষ চৰ্চা ৷ চীনৰ সংবাদ সংস্থা গ্ল’বেল টাইমছে প্ৰকাশ কৰা বাতৰিটো সন্দৰ্ভত পুনৰ সৰৱ হৈছে দেষৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ ৷বুধবাৰে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে লাডাখত চীনে ভাৰতৰ ভূখণ্ড “আক্ৰমণ” কৰা সন্দৰ্ভত পুনৰবাৰ নিজৰ দাবী উত্থাপন কৰি সোচ্চাৰ হৈ পৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে ।

দিল্লী বিমানবন্দৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কংগ্ৰেছ নেতাগৰাকীয় কয়, "মই বহু বছৰ ধৰি এই কথা কৈ আহিছো ৷ মই মাত্ৰ লাডাখৰ পৰা উভতি আহিছো ৷ প্ৰধানমন্ত্ৰীয়ে দাবী কৰি আহিছে যে ভাৰতৰ এক ইঞ্চিও মাটি চীনৰ দখললৈ যোৱা নাই ৷ এয়া সম্পূৰ্ণ মিছা ৷"

কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে যে, চীনে ভাৰতীয় ভূমিত “অনুপ্ৰৱেশ” কৰিছে বুলি লাডাখৰ জনসাধাৰণ জ্ঞাত ।

চীনে অৰুণাচল প্ৰদেশ আৰু আকছাই চীনক নতুন মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত ANI ৰ আগত ৰাহুল গান্ধীয়ে কয়, "মানচিত্ৰৰ প্ৰশ্নটো অতি গুৰুতৰ । তেওঁলোকে (চীনে) আমাৰ ভূমি দখল কৰিছে । এই বিষয়ত প্ৰধানমন্ত্ৰীয়ে মন্তব্য আগবঢ়াব লাগে ।"

চলিত মাহৰ আৰম্ভণিতে লাডাখ ভ্ৰমণৰ সময়ত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে কেন্দ্ৰক তীব্ৰ সমালোচনা কৰি ভাৰতৰ এক ইঞ্চিও মাটি চীনৰ পিপল লিবাৰেচন আৰ্মিৰ সৈন্যই লোৱা নাই বুলি কৰা দাবী “সঁচা নহয়” বুলি গুৰুতৰ অভিযোগ তুলিছিল ।

কংগ্ৰেছৰ সাংসদগৰাকীয়ে দাবী কৰে যে স্থানীয় লোকসকলেও ভাৰতৰ ভূখণ্ড চীনা সৈন্যই অনুপ্ৰৱেশ কৰি দখল কৰা বুলি তেওঁৰ আগত অৱগত কৰে । স্থানীয় লোকৰ উদ্ধৃতিৰে কংগ্ৰেছ সাংসদগৰাকীয়ে কৈছিল, "চীনে আমাৰ মাটি লোৱাৰ বাবে ইয়াৰ স্থানীয় লোক চিন্তিত । তেওঁলোকে কৈছে যে চীনৰ সৈন্যই তেওঁলোকৰ চৰণীয়া পথাৰ কাঢ়ি লৈ গৈছে । অৱশ্যে প্ৰধানমন্ত্ৰীয়ে কয় যে এ ইঞ্চিও মাটিও কাঢ়ি লোৱা হোৱা নাছিল । এইটো সঁচা নহয়, ইয়াত যিকোনো ব্যক্তিক সুধিব পাৰে, "ৰাহুলে কৈছিল ।"

উল্লেখ কৰা প্ৰয়োজন যে, কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে তোলা এই দাবী সন্দৰ্ভত 25 আগষ্টৰ দিনা বিজেপি নেতৃত্বই কংগ্ৰেছ নেতাগৰাকীয়ে তোলা অভিযোগক নস্যাৎ কৰিছিল ৷ ইয়াৰ পিচতে চীনৰ 'আদৰ্শ মানচিত্ৰ'ত দুয়োখন দেশৰ বিবদমান সীমাৰ অন্তৰ্ভুক্তিয়ে বহন কৰিছে বিশেষ তাৎপৰ্য ৷

কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ সৈতে ৰাজ্য চৰকাৰৰ গ্ৰহ লক্ষ্মী আঁচনিৰ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে কৰ্ণাটকৰ মহীশূৰলৈ গৈ থকা অৱস্থাত সংবাদ মাধ্যমৰ আগত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ৰাজ্যৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া আৰু দলৰ জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত মহীশূৰত ৰাজহুৱা অনুষ্ঠানত এই আঁচনিখন ৰূপায়ণ কৰা হ’ব ।

লগতে পঢ়ক : Rahul Gandhi China Remarks : চীন সন্দৰ্ভত মন্তব্যত ৰাহুল গান্ধীক তীব্ৰ আক্ৰমণ বিজেপিৰ; ভিত্তিহীন, অযৌক্তিক আখ্যা

ABOUT THE AUTHOR

...view details