অসম

assam

ETV Bharat / bharat

Rahul Gandhi on Modi speech: গৌতম আদানিক প্ৰধানমন্ত্ৰীয়ে সুৰক্ষা প্ৰদান কৰিছে: ৰাহুল গান্ধী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গৌতম আদানিক সুৰক্ষা প্ৰদান কৰি থকাৰ অভিযোগ ৰাহুল গান্ধীৰ ৷ বুধবাৰে লোকসভাত প্ৰধানমন্ত্ৰীৰ ভাষণত অসন্তুষ্টি প্ৰকাশ কৰি এই মন্তব্য ৰাহুল গান্ধীৰ ৷ গৌতম আদানিৰ ওপৰত কিয় তদন্ত হোৱা নাই বুলিও প্ৰশ্ন ৰাহুল গান্ধীৰ ৷

Rahul Gandhi on Modi speech
গৌতম আদানিক প্ৰধানমন্ত্ৰীয়ে সুৰক্ষা প্ৰদান কৰিছে: ৰাহুল গান্ধী

By

Published : Feb 8, 2023, 10:30 PM IST

নেশ্যনেল ডেস্ক, 8 ফেব্ৰুৱাৰী: বুধবাৰে লোকসভাত প্ৰদান কৰা ভাষণত কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Modi slammed congress in Lok Sabha) ৷ কিন্তু প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাচতেই আদানিৰ প্ৰসংগক লৈ প্ৰধানমন্ত্ৰীয়ে ভাষণত কোনো কথা উল্লেখ নকৰা বাবে প্ৰধানমন্ত্ৰীৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰে ৰাহুল গান্ধীয়ে ৷

সদনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীয়ে ভাষণত আদনিৰ কথা কিয় উল্লেখ নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰি সদন উত্তাল কৰি তোলাৰ লগতে অভিযোগ উত্থাপন কৰে যে, হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনত গৌতম আদনিৰ ওপৰত ষ্টক হেৰফেৰ কৰা আৰু প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতো প্ৰধানমন্ত্ৰীয়ে সুৰক্ষা প্ৰদান কৰি আছে (Rahul Gandhi question PM Modi in Lok Sabha) ৷

ৰাহুল গান্ধীয়ে কয়, ‘‘এইটো স্পষ্ট যে, প্ৰধানমন্ত্ৰী মোডীয়ে আদানিক সুৰক্ষা দি আছে (Rahul Gandhi said PM protecting Adani) ৷ এইটো এটা ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিষয় ৷ গতিকে প্ৰধানমন্ত্ৰীয়ে তদন্তৰ নিৰ্দেশ দিয়া উচিত ৷ মই প্ৰধানমন্ত্ৰীৰ ভাষণক লৈ অসন্তুষ্ট ৷ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত বিষয়টোৰ তদন্তৰ কথা উল্লেখ কৰিব লাগিছিল ৷ যদি গৌতম আদানি প্ৰধানমন্ত্ৰীৰ বন্ধু নহয় তেন্তে তেওঁ ক’ব লাগিছিল যে, বিষয়টো তদন্ত কৰা উচিত (Rahul Gandhi allegation on PM Modi) ৷ ’’

উল্লেখ্য যে, লোকসভাত প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰসংগত (PM Modi speech in Lok Sabha) কংগ্ৰেছক আক্ৰমণ কৰি কয় যে, ক’ভিড মহামাৰী আৰু সংঘৰ্ষৰ ফলত পৃথিৱীৰ বহু ঠাইত অস্থিৰতাৰ সৃষ্টি হৈ আছে ৷ বিশ্বৰ বহু দেশে ভাৰতক লৈ আশাৰে বাট চাই আছে ৷ কিন্তু হতাশাত ভুগি থকা একাংশই ভাৰতৰ বিকাশৰ কাহিনী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে ৷ তেওঁলোকে 140 কোটি ভাৰতীয়ৰ সাফল্য আৰু বিকাশ দেখিব নোৱাৰে ৷

আমোদজনক ভাৱে প্ৰধানমন্ত্ৰী মোডীয়ে সদনত বিজেপিয়ে গ্ৰহণ কৰা কল্যাণমূলক আঁচনিসমূহৰ কথা উল্লেখ কৰাৰ লগে লগে বিজেপি সাংসদসকলে ‘মোডী, মোডী’ শ্লোগান দিয়াৰ বিপৰীতে বিৰোধীয়ে ‘আদানি, আদানি’ শ্লোগানেৰে গেৰুৱা দলৰ ‘মোডী’ ধ্বনিক প্ৰতিহত কৰাৰ চেষ্টা কৰে ৷ আনহাতে, সদনত বিতৰ্কৰ সময়ত আদানি-হিণ্ডেনবাৰ্গ বিষয়টো (Adani Debate in Lok Sabha) উত্থাপন হোৱাৰ পাচতে ৰাহুল গান্ধীয়ে বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷

লগতে পঢ়ক:MP Ajit Bhuyan on upper house: উত্তৰ-পূৱৰ প্ৰতি কেন্দ্ৰৰ মনোভাৱক লৈ উচ্চ সদনত প্ৰশ্ন সাংসদ ভূঞাৰ

ABOUT THE AUTHOR

...view details