নেশ্যনেল ডেস্ক, ১ জুন :দেশত ব্লেক ফাংগাছ বা মিউকৰমাইক’ছিছ ঘটনা বৃদ্ধিকলৈ উদ্বেগ প্ৰকাশ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । এই ৰোগৰ প্ৰতিৰোধৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ ভুমিকাক লৈ প্ৰশ্ন নেতাগৰাকীৰ । টুইটাৰৰ জৰিয়তে তেওঁৰ তিনিটা প্ৰশ্ন কেন্দ্ৰীয় চৰকাৰলৈ ।
কেন্দ্ৰীয় চৰকাৰলৈ তেওঁৰ প্ৰথমটো প্ৰশ্ন, ‘এম্ফোটেৰিচিন বি ঔষধৰ অভাৱৰ বাবে কি কৰা হৈছে ?’ দ্বিতীয়তে, ‘ৰোগীক এই ঔষধ দিয়াৰ প্ৰক্ৰিয়া কি ?’ আৰু তৃতীয় প্ৰশ্ন, ‘চিকিৎসাৰ পৰিৱৰ্তে, চৰকাৰে জনসাধাৰণক কিয় আনুষ্ঠানিকতাত আৱদ্ধ কৰি ৰাখিছে ?’ ইফালে কংগ্ৰেছ নেতাগৰাকীয়ে বিজেপিক সমালোচনা কৰাৰ লগতে দেশত ক'ভিড মহামাৰী আৰু ব্লেক ফাংগাছৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ অদক্ষতাক দোষাৰোপ কৰে ।