নেশ্যনেল ডেস্ক, 2 ছেপ্টেম্বৰ: নিৰ্বাচনমুখী ছত্তীশগড়ত কংগ্ৰেছৰ তৎপৰতা ৷ শনিবাৰে এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ছত্তীশগড়ৰ ৰায়পুৰত উপস্থিত হয় ৰাহুল গান্ধী ৷ সভাত উপস্থিত ৰাইজক সম্বোধন কৰি কেন্দ্ৰৰ প্ৰধানমন্ত্ৰী মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰে ৰাহুল গান্ধীয়ে ৷ মোদী চৰকাৰে দৰিদ্ৰ জনতা, জনজাতীয় আৰু কৃষকসকলক উপেক্ষা কৰাৰ অভিযোগ উত্থাপন কৰে ৷ তেওঁ কয়, ‘‘কংগ্ৰেছ শাসিত ৰাজ্যসমূহত দৰিদ্ৰ জনজাতীয় লোকৰ চৰকাৰ থাকিব, আদানিৰ নহয় ।’’
উদ্যোগপতি গৌতম আদানিৰ বিৰুদ্ধে শেহতীয়াকৈ প্ৰকাশিত বাতৰি সন্দৰ্ভত গান্ধীয়ে কয়, ‘‘প্ৰধানমন্ত্ৰীয়ে ছত্তীশগড় আৰু দেশৰ জনসাধাৰণক ক’ব লাগে যে তেওঁ আদানিৰ বিৰুদ্ধে কিয় তদন্ত নিবিচাৰে । মই স্পষ্ট কৰি দিব বিচাৰো যে তেওঁ কিয় তদন্ত নিবিচাৰে, কিয়নো তদন্ত কৰিলে আদানিৰ নহয় আন কাৰোবাৰহে ক্ষতি হ’ব ৷’’ তেওঁ বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2-3 জন কোটিপতিক লাভান্বিত কৰাৰ বাবে কাম কৰাৰ অভিযোগ উত্থাপন কৰে ৷