নিউজ ডেস্ক, ২ মে' :আম আদমি পাৰ্টীৰ (AAP) ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই মঙলবাৰে ইডিৰ অভিযোগনামাত অভিযুক্ত হিচাপে তেওঁৰ নাম উল্লেখ কৰা কথাটো অস্বীকাৰ কৰিছে (Raghav Chadha denies name in ED charge sheet) । "পুৱাৰে পৰা সংবাদ মাধ্যমবোৰে বাতৰি প্ৰকাশ কৰি আহিছে যে, ইডিয়ে আদালতত দাখিল কৰা অভিযোগনামাত মোৰ নাম অভিযুক্ত হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে । এই বাতৰিটো সম্পূৰ্ণৰূপে মিছা ।" আপৰ যুৱনেতাজনে নিজৰ স্পষ্টীকৰণত কয় (Raghav Chadha on ED Charge Sheet) ।
"ইডিৰ দ্বাৰা চলাই থকা সমগ্ৰ আবকাৰী নীতিৰ গোচৰৰ তদন্তত এতিয়ালৈকে কোনো অভিযোগনামাত মোৰ নাম অভিযুক্ত, সাক্ষী বা আন কোনো প্ৰকাৰে অন্তৰ্ভুক্ত কৰা হোৱা নাই (Delhi liquor case) । সেয়েহে মই সকলো সংবাদ প্ৰতিষ্ঠানক হাতযোৰ কৰি অনুৰোধ জনাইছোঁ যে, পুৱাৰে পৰা মোৰ বিষয়ে চলি থকা বাতৰিটো ভুল (Raghav Chadha name in Delhi liquor case) । সংবাদ প্ৰতিষ্ঠানবোৰে উক্ত প্ৰতিবেদনবোৰ তথ্যগতভাৱে শুদ্ধভাৱে চলাব লাগে । অন্যথা এই সংবাদ প্ৰতিষ্ঠানবোৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ বাধ্য কৰোৱা হ'ব ।" তেওঁ কয় ।
"বাতৰিটো চলোৱাৰ পূৰ্বে অন্তত মোৰ পৰা জানি লোৱাটো উচিত আছিল । কিন্তু তেনে ধৰণৰ একো নকৰাকৈয়ে একপক্ষীয় বাতৰি চলোৱাটোৱে মোৰ ভাবমূৰ্তি কলুষিত কৰি তুলিছে । ৰাজহুৱা জীৱনত এজন ব্যক্তিয়ে তেওঁৰ প্ৰতিচ্ছবি গঢ়ি তুলিবলৈ যথেষ্ট কঠোৰ পৰিশ্ৰম কৰিবলগা হয় । নিজৰ প্ৰতিচ্ছবিখন সৃষ্টি কৰাটো বহুত কঠিন ।" চাড্ডাই লগতে কয় । চাড্ডাই আৰু কয় যে বিগত এবছৰ ধৰি ১,০০০-তকৈও অধিক বিষয়া আবকাৰী নীতিৰ গোচৰৰ তদন্তত নিয়োজিত হৈ আছে । এই লোকসকলে ৪০০-তকৈও অধিক ঠাইত অভিযান চলাইছে । অৱশ্যে তথাকথিত ১,০০০ কোটি টকাৰ কেলেংকাৰীৰ এটা টকাও উদ্ধাৰ কৰা হোৱা নাই । কাৰণ প্ৰকৃততে কেলেংকাৰীটো সংঘটিত হোৱাই নাই । এইটো কেৱল বিজেপিৰ মনসজা এটা কেলেংকাৰী ।