নেশ্যনেল, ১৮ মে':কৰ'ণাৰ তৃতীয় ঢৌ সন্দৰ্ভত ইতিমধ্যে দেশজুৰি চৰ্চা অব্যাহত আছে । বিশেষজ্ঞসকলে পূৰ্বানুমান কৰা মতে কৰ'ণাৰ তৃতীয় ঢৌত যথেষ্ট পৰিমাণে প্ৰভাৱান্বিত হ'ব শিশুসকল । এই খবৰ বিয়পি পৰাৰ লগে লগে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
শিশুসকলৰ সুৰক্ষাৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে । ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰকো সমালোচনা অব্যাহত ৰাখিছে বিৰোধীয়ে । কিয়নো ইতিমধ্যে কেইবাখনো দেশে ১২-১৫ বছৰ বয়সৰ শিশুৰ ব্যৱহাৰৰ বাবে প্ৰতিষেধক অনুমোদন দিয়া আৰম্ভ কৰিছে ।
কৰ'ণাৰ তৃতীয় ঢৌৰ পূৰ্বানুমান কৰাৰ পিছতে প্ৰধানমন্ত্ৰীক উভতি ধৰিছে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে । মোডী চৰকাৰৰ প্ৰস্তুতি আৰু পৰিকল্পনাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।
মোডী চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ মোডী চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলি নেতাগৰাকীয়ে টুইট কৰি কয় যে মোডী চৰকাৰ টোপনিৰ পৰা কেতিয়া সাৰ পাব । কিয়নো শিশুসকলক সুৰক্ষাৰ প্ৰয়োজন, শিশু ৰোগ আৰু প্ৰতিষেধক বিধি ইতিমধ্যে আৰম্ভ হোৱাৰ প্ৰয়োজন আছিল বুলিও দাবী কৰে ৰাহুল গান্ধীয়ে ।
কংগ্ৰেছ নেতা জয়বীৰ শ্বেৰগিলেও টুইট কৰি সমালোচনা কৰে মোডী চৰকাৰক । তেওঁ উপহাস কৰি কয় যে বিজেপি চৰকাৰে ডাৰ্ক চকলেট খোৱা আৰু গো-মূত্ৰ খোৱাৰ পৰামৰ্শ দিয়াৰ বাহিৰেও প্ৰত্যাশিত তৃতীয় ঢৌৰ বাবে প্ৰস্তুতি চলাই আছে । লগতে শিশু ৰোগ বিশেষজ্ঞসকলৰ এটা জিঅ'আই টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে নেকি বুলিও তেওঁ প্ৰশ্ন কৰে ।
উল্লেখ্য যে মহামাৰীৰ দ্বিতীয় ঢৌত যুৱক-যুৱতীসকল বেয়াকৈ প্ৰভাৱিত হৈছে । ভাৰতত বিগত ২৪ ঘণ্টাত ৪,৩২৯ গৰাকী লোকৰ মৃত্যু হৈছে আৰু সৰ্বাধিক ২ লাখ ৬৩ হাজাৰ লোক নতুনকৈ সংক্ৰমিত হৈছে ।
লগতে পঢ়ক:ত্ৰিপুৰাত অব্যাহত আছে ব্ৰু শৰণাৰ্থীৰ পুনৰ সংস্থাপন প্ৰক্ৰিয়া