অসম

assam

By

Published : Jan 31, 2021, 11:15 AM IST

ETV Bharat / bharat

কৃষক বিদ্ৰোহৰ সৰ্ন্দভত সাংবাদিকৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ দাবীঃ EIG ৰ

এডিটৰ গিল্ডৰ অফ ইণ্ডিয়াৰ (EGI) য়ে শনিবাৰে 26 জানুৱাৰী গণৰাজ্যত দেশৰ ৰাজধানীত কৃষক সকলে ট্ৰেক্টৰ ৰেলীয়ে প্ৰতিবাদ কৰা সময়ত সাংবাদিক সকলে প্ৰস্তুত কৰা বাতৰি সমূহৰ ওপৰত যি দৰো অপৰাধৰ গোচৰ জাপি দিব বিচাৰিছে তাৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ লগতে যি সমূহ গোচৰ জাপি দিয়া হৈছে সেই সমূহ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে ৷

কৃষক বিদ্ৰোহৰ সৰ্ন্দভত সাংবাদিকৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ দাবীঃ EIG ৰ
কৃষক বিদ্ৰোহৰ সৰ্ন্দভত সাংবাদিকৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ দাবীঃ EIG ৰ

নিউজ ডেস্ক, 26 জানুৱাৰীঃ এডিটৰ গীল্ড অফ ইণ্ডিয়া (EGI) ই শনিবাৰে সাংবাদিকৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ সমূহ উঠাই ল’বলৈ আহ্বান জনাইছে ৷ 26 জানুৱাৰীত দেশৰ ৰাজধানীত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পিচতেই সাংবাদিক সকলে প্ৰস্তুত কৰা বাতৰি সমূহৰ ওপৰত যি দৰে অপৰাধৰ গোচৰ জাপি দিব বিচাৰিছে তাৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ লগতে যি সমূহ গোচৰ জাপি দিয়া হৈছে সেই সমূহ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে দেশৰ শীৰ্ষ সংবাদ সংস্থাটোৱে ৷

"দেশত জৰুৰীকালীন সময়ত চৰকাৰ সংবাদ মাধ্যমৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছিল ৷ আজি দেশত তেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই ৷ ভাৰতবৰ্ষ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ৷ য’ত সমগ্ৰ বিশ্বৰ এক আইন আছে যি সমগ্ৰ বিশ্বৰ কোনো গণতান্ত্ৰিক দেশৰ আইনৰ ওপৰত এই আইন নহয় বুলি প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ সভাপতি আনন্দ কে শ্বাহে সদৰি কৰে ৷

উল্লেখযোগ্য যে, দেশৰ ৰাজধানীত কৃষকে ট্ৰেক্টৰ ৰেলীৰ জৰিয়তে প্ৰতিবাদ কৰাৰ সময়ত হোৱা হিংসাত্মক পৰিস্থিতি সৃষ্টিত উদগনি জনোৱাক লৈ ৰাজদীপ চাৰদেশাই, নিৰ্মল পাণ্ডে, জাফাৰ আঘা, আনন্দ নাথ, বিনোদ জোচে আৰু পাৰেশ নাথকে ধৰি ছয়জন সাংবাদিকৰ বিৰুদ্ধে বৃহস্পতিবাৰে নয়ডা আৰক্ষীয়ে অপৰাধৰ গোচৰ ৰুজু কৰিছিল । একেদৰে হাৰিয়ানা আৰু মধ্য প্ৰদেশতো সাংবাদিকৰ বিৰুদ্ধে একেধৰণৰ এফ আই আৰ দাখিল কৰা হৈছে । জানিব পৰা মতে সকলোৰে বিৰুদ্ধে 26 জানুৱাৰীত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতি সৃষ্টিত ভুৱা বাতৰি পৰিৱেশন কৰি উদগনি যোগাৱৰ অভিযোগ আছে ৷

লগতে পঢ়কঃ ভুৱা তথ্য প্ৰচাৰ কৰাৰ অভিযোগত ৰাজদ্বীপ আৰু শশী থাৰুড়ৰ বিৰুদ্ধে গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details