নেশ্যনেল ডেস্ক, 10 ছেপ্টেম্বৰ :বিগত 8 ছেপ্টেম্বৰত মৃত্যু হয় বেলমোৰত ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ (Queen Elizabeth II died in Belmore)। তেওঁ মৃত্যুত বিশ্বৰ ভিন্ন প্ৰান্তত পৰিছে শোকৰ ছাঁ । বিশ্বৰ আন দেশৰ লগতে ভাৰততো ৰাণীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে (Tribute to Queen Elizabeth II)।
জানিব পৰা মতে, 19 ছেপ্টেম্বৰত লণ্ডনৰ ৱেষ্টমিনষ্টাৰ এবেত সম্পন্ন হ’ব ৰাণী দ্বিতীয় এলিজাবেথৰ ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়া ৷ য’ত সকলোৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব ৷ শনিবাৰে এই কথা টুইটযোগে সদৰী কৰিছে ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ ৰাজপৰিয়ালৰ সদস্যই ৷
উক্ত টুইটোত উল্লেখ কৰা অনুসৰি, ‘‘মহাৰাণীৰ ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়া সোমবাৰে 19 ছেপ্টেম্বৰত ৱেষ্টমিনষ্টাৰ এবেত সম্পন্ন হ’ব । ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়াৰ আগতে, ৰাণীক চাৰি দিনৰ বাবে ৱেষ্টমিনষ্টাৰ হলত লাই-ইন-ষ্টেট কৰিব ৷ যাতে সকলো ৰাইজে তেওঁক শ্ৰদ্ধা জনাব পাৰে’’ ৷
লগতে পঢ়ক :ৰাণী দ্বিতীয় এলিজাবেথৰ মুছৌৰী সংযোগ : জ্যোতিষীৰ পুত্ৰৰ বৃহৎ দাবী