অসম

assam

ভাৰতীয় নৌসেনাৰ প্ৰাক্তন ৮ বিষয়াৰ মৃত্যুদণ্ডৰ ৰায় প্ৰত্যাহাৰ কৰিলে কাটাৰ আদালতে

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 9:40 AM IST

8 ex Indian Navy officers imprisoned in Qatar : কাটাৰত ভাৰতীয় নৌসেনাৰ প্ৰাক্তন আঠজন সেনা বিষয়াক দিয়া চৰম শাস্তিৰ পৰিমাণ হ্ৰাস কৰা হৈছে ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বৃহস্পতিবাৰে সদৰী কৰে এই তথ্য ৷

8 ex Indian Navy officers
ভাৰতীয় নৌসেনাৰ ৮ জন প্ৰাক্তন জোৱানলৈ এক বৃহৎ সকাহ

নেশ্যনেল ডেস্ক, ২৯ ডিচেম্বৰ :ভাৰতীয় নৌসেনাৰ ৮ জন প্ৰাক্তন জোৱানলৈ এক বৃহৎ সকাহ ৷ ভাৰতীয় নৌসেনাৰ ৮ জন প্ৰাক্তন জোৱানক কাটাৰৰ এখন আদালতে চোৰাংচোৱাগিৰিৰ অভিযোগত প্ৰদান কৰা মৃত্যুদণ্ডৰ ৰায় প্ৰত্যাহাৰ কৰিছে। স্মৰ্তব্য যে, যোৱা বছৰৰ আগষ্ট মাহত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল। বৃহস্পতিবাৰে বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত কয়, ‘‘দহাৰা গ্ল’বেল গোচৰত কাটাৰৰ আপিল আদালতৰ আজিৰ সিদ্ধান্ত আমি লক্ষ্য কৰিছো, য’ত শাস্তি হ্ৰাস কৰা হৈছে ।’’

হ্ৰাস কৰা শাস্তি কি আছিল সেই বিষয়ে মন্ত্ৰালয়ে স্পষ্ট কৰা নাই । তেওঁ কয়, ‘‘এই গোচৰৰ কাৰ্যবিধিৰ গোপনীয় আৰু স্পৰ্শকাতৰ প্ৰকৃতিৰ বাবে এই সময়ত আৰু কোনো মন্তব্য কৰাটো উপযুক্ত নহ’ব ।’’ মন্ত্ৰালয়ে সবিশেষ সিদ্ধান্তৰ বাবে অপেক্ষা কৰি থকা বুলি জানিবলৈ দিয়ে আৰু পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ আইনী দলৰ লগতে পৰিয়ালৰ সদস্যৰ সৈতেও যোগাযোগত আছে । কাটাৰৰ আপীল আদালতৰ এই সিদ্ধান্তক ভাৰতৰ বাবে এক বৃহৎ কূটনৈতিক বিজয় বুলি বিবেচিত হৈছে । মাত্ৰ কেইসপ্তাহমানৰ আগতে ডুবাইত অনুষ্ঠিত হোৱা ‘COP28’ শীৰ্ষ সন্মিলনৰ সময়ত কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ আল-থানীৰ সৈতে সাক্ষাৎ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

১ ডিচেম্বৰত অনুষ্ঠিত বৈঠকৰ পাচত মোদীয়ে কৈছিল যে তেওঁলোকে কাটাৰত ভাৰতীয় জনগোষ্ঠীৰ কল্যাণৰ বিষয়ে আলোচনা কৰিছিল । ২০২২ চনৰ আগষ্ট মাহত নৌসেনাৰ প্ৰাক্তন ৮ জন জোৱানক চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু অক্টোবৰ মাহত কাটাৰৰ আদালতে তেওঁলোকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল । আটাইকেইজন ভাৰতীয় নাগৰিক আছিল দোহাস্থিত ‘দহাৰা গ্ল’বেল’ কোম্পানীৰ কৰ্মচাৰী । তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ কাটাৰ কৰ্তৃপক্ষই ৰাজহুৱা কৰা নাছিল ।

ব্যক্তিগত কোম্পানীটোৱে কাটাৰৰ সশস্ত্ৰ বাহিনী আৰু নিৰাপত্তা সংস্থাসমূহক প্ৰশিক্ষণ আৰু অন্যান্য সেৱা আগবঢ়ায় । এই শাস্তিৰ বিৰুদ্ধে ভাৰতে যোৱা মাহত কাটাৰৰ আপীল আদালতৰ কাষ চাপিছিল । বৈদেশিক মন্ত্ৰালয়ে নিজৰ বিবৃতিত কয়, ‘আজি কাটাৰত থকা আমাৰ ৰাষ্ট্ৰদূত আৰু অন্যান্য বিষয়াসকল পৰিয়ালৰ সদস্যৰ সৈতে আপীল আদালতত উপস্থিত আছিল । আমি গোচৰৰ আৰম্ভণিৰে পৰাই তেওঁলোকৰ কাষত থিয় দিছো আৰু আমি তেওঁক সকলো কনছুলাৰ আৰু আইনী সহায় আগবঢ়াই যাম । আমিও এই বিষয়টো কাটাৰ কৰ্তৃপক্ষৰ আগত উত্থাপন কৰি যাম’’ ।

লগতে পঢ়ক :আগন্তুক 5 বছৰত চোৰাংচোৱা সংগ্ৰহৰ বাবে 50 টা উপগ্ৰহ উৎক্ষেপণ কৰাৰ পৰিকল্পনা কৰা হৈছে: ইছৰ’ৰ মুৰব্বী

ABOUT THE AUTHOR

...view details