নেশ্যনেল ডেস্ক, ৪ জুলাই :উত্তৰাখণ্ডৰ(Uttarakhand) একাদশ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে বিজেপিৰ নেতা পুস্কৰ সিং ধামিয়ে । বিজেপি(BJP) বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ এদিন পিছত অৰ্থাৎ দেওবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ শপত লয় । খতিমা সমষ্টিৰ পৰা দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত পুস্কৰ সিং ধামিয়ে ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰৰ মন্ত্ৰী হোৱা নাছিল কিন্তু ধামী উত্তৰাখণ্ডৰ আটাইতকৈ কম বয়সীয়া মুখ্যমন্ত্ৰী হিচাপে চৰ্চা লাভ কৰিছে । তেওঁ প্ৰায় চাৰি মাহৰ ভিতৰত ৰাজ্যখনৰ তৃতীয়গৰাকী মুখ্যমন্ত্ৰী ।
পুস্কৰ সিং ধামিয়ে শনিবাৰে উত্তৰাখণ্ডৰ একাদশ মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যখনত বিজেপিৰ বিধায়িনী দলৰ নতুন নেতা হিচাপে শপত গ্ৰহণ কৰিছিল । ধামীয়ে শনিবাৰে সংবাদ মাধ্যমৰ আগত কৈছিল যে এগৰাকী উমৈহতীয়া দলীয় কৰ্মীক ৰাজ্যখনৰ সেৱা কৰাৰ সুযোগ দিয়া হৈছে । দলটোৰ হাইকমাণ্ডৰ বাবে তেওঁ চিৰ কৃতজ্ঞ বুলিও অৱগত কৰিছিল নেতাগৰাকীয়ে ।
এগৰাকী প্ৰাক্তন সৈনিকৰ পুত্ৰ পুস্কৰ সিং ধামিৰ জন্ম হৈছিল ১৯৭৫ চনত পিথোৰাগড় জিলাৰ কানালিচিনা গাঁৱত । তেওঁ আইনৰ ডিগ্ৰী লাভ কৰিছিল আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) স্বেচ্ছাসেৱক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ (ABVP) সদস্যও আছিল । ধামিয়ে ২০০২ ৰ পৰা ২০০৮ চনৰ ভিতৰত দুবাৰকৈ উত্তৰাখণ্ডৰ বিজেপি যুৱ মৰ্চাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছে ।