নিউজ ডেস্ক,26 জানুৱাৰী: বিগত সপ্তাহ শিখ ফৰ জাষ্টিচ (SFJ) এক গোচৰত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ (NIA)য়ে তলব কৰা পাঞ্জাৱী অভিনেতা দীপ সিন্ধুৰ নাম মঙলবাৰে দেশৰ ৰাজধানী দিল্লীত হোৱা কৃষক বিদ্ৰোহৰ 17 শতিকাৰ ইতিহাস বিজৰিত লালকিল্লাত প্ৰৱেশ কৰা আন্দোলনকাৰী সকলৰ মাজত আছিল বুলি চিনাক্ত হৈছে ৷ একেদৰে আন্দোলনৰ সময়ত কৃষক সকলে ট্ৰেক্টৰ লৈ ৰেলী কৰাৰ সময়ত বিপথে পৰিচালিত কৰাৰ লগতে দিল্লীৰ কেইৱাটাও প্ৰান্তত সংঘটিত হোৱা হিংসাত্মক কাণ্ডৰ সৈতে জৰিত হোৱাৰ অভিযোগ পোৱা গৈছে ৷
লালকিল্লাত পতাকা উত্তোলন: পাঞ্জাৱী অভিনেতাক NIAৰ চমন - গণতান্ত্ৰিক অধিকাৰ
লালকিল্লাতা কৃষকৰ পতাকা উত্তোলন কৰাৰ সময়ত দীপ সিন্ধুয়ে ফেচবুক লাইভ কৰিছিল ৷ সেই লাইভতে সিন্ধুৱে উল্লেখ কৰিছিল যে,আমি প্ৰতিবাদ সাব্যস্ত কৰা আমাৰ গণতান্ত্ৰিক অধিকাৰ সেই হে আমি লালকিল্লাত কৃষকৰ পতাকা উত্তোলন কৰিছো ৷
উল্লেখযোগ্য যে, ট্ৰেক্টৰ, মটৰচাইকেল আৰু বিভিন্ন বাহনৰে সহস্ৰাধিক প্ৰতিবাদকাৰী কৃষকে মঙলবাৰে বিয়লি ভাগত কৃষক ইউনিয়নৰ পতাকা হাতত লৈ লালকিল্লা চৌহদত প্ৰৱেশ কৰিছিল ৷ প্ৰতিবাদকাৰী কৃষক সকলে আৰক্ষীৰ নিৰাপত্তা বেষ্টনী ভাঙি লালকিল্লাত প্ৰৱেশ কৰি তেওঁলোকৰ সংগঠনৰ পতাকা উৰুৱাইছিল ৷ লালকিল্লাতা কৃষকৰ পতাকা উত্তোলন কৰাৰ সময়ত দীপ সিন্ধুয়ে ফেচবুক লাইভ কৰিছিল ৷ সেই লাইভতে সিন্ধুয়ে উল্লেখ কৰিছিল যে,আমি প্ৰতিবাদ সাব্যস্ত কৰা আমাৰ গণতান্ত্ৰিক অধিকাৰ সেই হে আমি লালকিল্লাত কৃষকৰ পতাকা উত্তোলন কৰিছো ৷
লগতে পঢ়কঃ বিশ্বনাথৰ তিনিসুঁতিত ভয়ংকৰ পথ দুৰ্ঘটনা