নিউজ ডেস্ক, 12 জানুৱাৰী: বিভিন্ন কাৰ্যালয় বা বিভিন্ন স্থানত মহিলাক একাংশ পুৰুষ কৰ্মচাৰীয়ে অশ্লীল ইংগিত প্ৰদান কৰা বা শ্লীলতা হানিৰ চেষ্টা চলোৱাৰ ঘটনা সংঘটিত হোৱাৰ খবৰ প্ৰায়েই দেখা যায় ৷ বিভিন্ন স্বাৰ্থৰ বিপৰীতে একাংশই বিচাৰে যৌনতা (Women molestation in India) ৷ কাম হওক বুলি, বা চাকৰি হেৰুওৱাৰ ভয়ত বহু মহিলাই নীৰৱে তেনে কাৰ্য সহ্য কৰি গ’লেও কিন্তু একাংশই ইয়াৰ বিৰুদ্ধে সৰবতা প্ৰকাশ কৰে ৷ শেহতীয়াকৈ এগৰাকী মহিলাই এনে সমস্যাৰ বলি হৈ তাৰ বিৰুদ্ধে ন্যায়ৰ দাবী উত্থাপন কৰিছে ৷
পঞ্জাৱৰ এগৰাকী মহিলাই দিল্লীস্থিত পাকিস্তানৰ উচ্চায়ুক্তৰ কাৰ্যালয়ৰ দুগৰাকী বিষয়াৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ ৷ মহিলাগৰাকীয়ে অভিযোগ কৰা মতে, যোৱা বৰ্ষত তেওঁ দূতাবাসটোলৈ ভিছাৰ বাবে যাওঁতে দুগৰাকী বিষয়াই তেওঁক নিৰ্যাতন চলাইছিল ৷ তথ্য মতে, এখন মহাবিদ্যালয়ত জ্যেষ্ঠ অধ্যাপিকা হিচাপে কৰ্মৰত মহিলাগৰাকীয়ে দূতাবাসটোৰ দুগৰাকী জ্যেষ্ঠ বিষয়াই তেওঁক ভিছা প্ৰদানৰ বিপৰীতে যৌন নিৰ্যাতন চলাবলৈ উদ্যত হোৱা বুলি অভিযোগ কৰিছে (Pak embassy official asked for sexual favours) ৷
পাকিস্তান উচ্চায়ুক্তৰ পৰা কোনো সঁহাৰি নাপাই এতিয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ ওচৰত অভিযোগ দাখিল কৰিছে মহিলাগৰাকীয়ে । তেওঁ কয় যে, প্ৰথমে ২০২১ চনৰ মাৰ্চ মাহত আৰু তাৰ পিছত পুনৰ ২০২২ চনৰ জুন মাহত তেওঁ দূতাবাসলৈ গৈছিল । ভ্ৰমণৰ উদ্দেশ্যৰ বিষয়ে সোধাত মহিলাগৰাকীয়ে দূতাবাসৰ বিষয়াগৰাকীক কয় যে, তেওঁ লাহোৰ ভ্ৰমণ কৰিব লাগিব ৷ তাত থকা কীৰ্তিচিহ্নসমূহৰ ফটো তুলিবলৈ, সেইবোৰৰ ওপৰত লিখিবলৈ আৰু লগতে এখন বিশ্ববিদ্যালয়লৈ যাব লাগিব য’ত তেওঁক বক্তৃতা দিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল (Woman alleges molestation by Pakistan embassy) ৷