নেশ্যনেল ডেস্ক, 9 অক্টোবৰ:পঞ্জাৱৰ ক্ৰছ ব’ৰ্ডাৰত ড্ৰোণৰ সহায়েৰে চোৰাং অস্ত্ৰৰ ব্যৱসায়ৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে (Drone based weapons smuggling case)৷ শনিবাৰে পঞ্জাৱ আৰক্ষীয়ে চোৰাং অস্ত্ৰ, গোলা-বাৰুদ ব্যৱসায়ী গোটৰ তিনি অস্ত্ৰ সৰবৰাহকাৰীসহ নগদ ধন জব্দ কৰে (Rs 1 crore cash seized) ৷ আৰক্ষীয়ে জনোৱা অনুসৰি সদ্যহতে এই ঘটনাৰ লগত জড়িতৰ অভিযোগত পুনৰ তিনি সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰাৰ লগতে সৰবৰাহকাৰী তিনিটাৰ পৰা অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু গোলা বাৰুদৰ ভাণ্ডাৰ জব্দ কৰে ৷
আৰক্ষী সঞ্চালক প্ৰধান (Director General of Police)গৌৰৱ যাদৱে সদৰী কৰা অনুসৰি অভিযুক্তকেইটা বৰৱালা গাঁৱৰ সুৰিন্দৰ সিং, হৰচান্দ সিং আৰু অমৃতসৰৰ ভালতোহাৰ বাসিন্দা গুৰচাহিব সিং বুলি চিনাক্ত কৰিছে ৷ আৰক্ষীয়ে অভিযুক্তকেইটাৰ পৰা 1 কোটি টকাৰ অধিক নগদ ধন, 500 গ্ৰাম হেৰ’ইন, 17 টা পিষ্টলৰ লগতে 400 টা সজীৱ কাৰ্টিজ, এটা এমপি-4 ৰাইফলৰ লগতে 300 টা সজীৱ কাৰ্টিজ, দুটা মেচিন আৰু দুটা টকা গণনা কৰা যন্ত্ৰ উদ্ধাৰ কৰিছে ৷
ইয়াৰ পূৰ্বে বুধবাৰে কাউণ্টাৰ ইণ্টেলিজেঞ্চ অমৃতসৰৰ আৰক্ষীয়ে জছকৰণ সিং নামৰ এজন বন্দী আৰু তেওঁৰ সহযোগী ৰতনবীৰ সিঙক গ্ৰেপ্তাৰ কৰিছিল ৷ আৰক্ষীয়ে দুই অভিযুক্তৰ পৰা 10 টা বিদেশী পিষ্টল উদ্ধাৰ কৰে ৷