নেশ্যনেল ডেস্ক, ১০ আগষ্ট :ট্ৰেভেল এজেণ্ট, সংগঠন আৰু এজেন্সিৰ বিৰুদ্ধে সৰৱ হৈছে পঞ্জাৱ চৰকাৰ । ৰাজ্যখনত অবৈধভাৱে গঢ়ি উঠা এনে ট্ৰেভেল এজেন্সী আৰু প্ৰতিষ্ঠানবোৰৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সিদ্ধান্ত লৈছে চৰকাৰে । পঞ্জাৱৰ এনআৰআইসকলক উদ্দেশ্যি এই তথ্য প্ৰদান কৰে চৰকাৰে । পৰিক্ৰমা আৰু প্ৰশাসনিক সংস্কাৰ মন্ত্ৰী কুলদীপ সিং ধালিৱালে কয় যে, অনুজ্ঞাপত্ৰ পৰীক্ষা আৰু অন্যান্য প্ৰয়োজনীয় অনুমোদন ইত্যাদি পৰীক্ষা কৰি থকা হৈছে । ৰাজ্যখনৰ সকলো জিলাতে এই অভিযান চলি আছে ।
ধালিৱালে এনআৰআই সম্পৰ্কীয় বিষয়ত বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকৰ অন্তত কয় যে, এতিয়ালৈকে ৭১৭৯ টা ট্ৰেভেল এজেণ্ট, এজেন্সী আৰু কাৰ্যালয়ৰ তথ্য সংগ্ৰহ কৰা হৈছে । তাৰ ভিতৰত জিলা ভিত্তিক দলবোৰে ৩৫৪৭ টাৰ পৰীক্ষা সম্পন্ন কৰিছে । তেওঁ কয় যে এই পৰীক্ষাৰ সময়ত ২৭১ টা ইমিগ্ৰেচন প্ৰতিষ্ঠান অবৈধ বুলি জানিব পৰা গৈছে আৰু ২৫ জুলাইত এই সন্দৰ্ভত এজেহাৰ ৰুজু কৰা হৈছে । তেওঁ কয় যে এনআৰআই বৈঠকৰ সময়ত লাভ কৰা মুঠ ৬০৯ টা অভিযোগৰ ভিতৰত ৫৮৮ টা অভিযোগ সমাধান কৰা হৈছে আৰু বাকী ২১ টা গোচৰৰ প্ৰক্ৰিয়া চলি আছে ।