নেশ্যনেল ডেস্ক, ২৩ জুলাই : শেহতীয়াকৈ পাঞ্জাৱ কংগ্ৰেছত (Punjab Congress) দেখা দিয়া সংকটে চিন্তিত কৰিছিল কেন্দ্ৰীয় নেতৃত্বক । পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং (Punjab Cm Captain Amarinder Singh) আৰু নৱজ্যোৎ সিং সিদ্ধুৰ (Navjot Singh Sidhu) মাজত চলি থকা বিতৰ্কৰ বাবে কংগ্ৰেছৰ ভিতৰচ'ৰাত তীব্ৰ উত্তেজনা বৃদ্ধি পাইছিল । কিন্তু শেহতীয়াকৈ কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে (Sonia Gandhi) পাঞ্জাৱ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিছে নৱজ্যোৎ সিং সিদ্ধুক । সভাপতি নিযুক্তিৰ লগে লগে বহুতে আশা কৰিছে যে পাঞ্জাৱ কংগ্ৰেছৰ দুই শীৰ্ষ নেতাৰ মাজত চলি থকা মতবিৰোধ অতি শীঘ্ৰে শেষ হ'ব ।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi) দাবী কৰা মতে সভাপতি নিযুক্তিৰ লগে লগে পাঞ্জাৱ কংগ্ৰেছৰ সংকট দূৰ হৈছে । শুকুৰবাৰে সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰে ৰাহুল গান্ধীয়ে । নেতাগৰাকীৰ মতে দীৰ্ঘদিন ধৰি চলা বিতৰ্ক ইয়াতে সমাপ্ত হ'ব ।