নেশ্বনেল ডেস্ক, 18 ছেপ্টেম্বৰ :শনিবাৰে, আবেলি পদত্যাগ কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে ৷ জানিব পৰা মতে, সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া পঞ্জাৱ কংগ্ৰেছ লেজিচলেটিভ পাৰ্টিৰ (চিএলপি) বৈঠকৰ আগতেই দলটোৰ হাইকমাণ্ডে মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙক এজন নতুন নেতা নিৰ্বাচনৰ বাবে কাগজপত্ৰ তৈয়াৰ কৰিবলৈ কোৱা হৈছিল । শনিবাৰে পুৱা কেপ্টেইন অমৰিন্দৰে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীৰ সৈতে কথা পাতি জনাইছিল যে, দলৰ মজিয়াত তেওঁক অপমানিত কৰা হৈছে আৰু তাৰ বাবেই তেওঁ পদত্যাগ কৰিব ।
দলৰ মজিয়াত অপমানিত হোৱাৰ বাবেই পদত্যাগ কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে
পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ পদত্যাগ ৷ কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীৰ সৈতে কথা পাতি শনিবাৰে পুৱাই এই সিদ্ধান্ত অৱগত কৰিছিল তেওঁ ৷
দলৰ মজিয়াত অপমানিত হোৱাৰ বাবেই পদত্যাগ কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে
বৰ্তমান মুখ্যমন্ত্ৰী পদৰ বাবে সম্ভাৱনীয়তা থকা নামবোৰৰ ভিতৰত আছে প্ৰাক্তন পিচিচি সভাপতি সুনীল জাখৰ, মন্ত্ৰী সুখজিন্দৰ ৰন্ধাৱা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাজেন্দ্ৰ কৌৰ ভট্টাল ৷ শনিবাৰে পুৱা কেপ্টেইন অমৰিন্দৰৰ সৈতে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীৰ বাৰ্তালাপৰ পিছত সমৰ্থক বিধায়কসকলৰ সৈতে পদত্যাগৰ ইচ্ছাৰ বিষয়ে চৰ্চা কৰে ৷
লগতে পঢ়ক :দেহৰক্ষীৰ উদাত্ত আগ্নেয়াস্ত্ৰ সহ মৰিয়নীত আবিৰ্ভাৱ গৰ্গমুনিৰ