নেশ্যনেল ডেস্ক, 20 জুন :পাটিয়ালাৰ ক্ৰীড়া বিশ্ববিদ্যালয়ত (Patiala sports university) থাকিব ক্ৰীড়া তাৰকা মিলখা সিঙৰ (Milkha Sing) নামত বিশেষ আসন । বিশিষ্ট ক্ৰীড়াবিদ গৰাকীৰ স্মৃতিৰক্ষাৰ বাবে এই গুৰুত্বপূৰ্ণ ঘোষণা পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ (Amrindar Sing) । মহান ক্ৰীড়াবিদ গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁক পঞ্জাৱত ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়া প্ৰদান কৰিছে । লগতে তেওঁ ৰাজ্যজুৰি এদিনৰ বন্ধ ঘোষণা কৰে ।
এইটো সকলোৰে বাবে এক ডাঙৰ ক্ষতি বুলিও তেওঁ উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ আশাবাদী যে যুৱ প্ৰজন্ম মিলখা সিঙৰ (Milkha Sing) দ্বাৰা অনুপ্ৰাণিত হ'ব । ইয়াৰ পূৰ্বে শনিবাৰে মুখ্যমন্ত্ৰীয়ে স্বৰ্গীয় মিলখা সিঙৰ চণ্ডীগড়ৰ বাসগৃহলৈ গৈছিল আৰু তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰিছিল ।
আনকি মৃত্যুৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰি শোক প্ৰকাশ কৰি লিখিছিল যে মিলখা সিঙৰ (Milkha Sing) মৃত্যুৰ কথা শুনি তেওঁ দুখিত হৈছে । এইটোৱে এটা যুগৰ সমাপ্তি হোৱা দেখুৱাই আৰু ভাৰতৰ লগতে পঞ্জাৱ আজি তেওঁ অবিহনে নিঠৰুৱা বুলিও উল্লেখ কৰে । শোকসন্তপ্ত পৰিয়াল আৰু লাখ লাখ অনুৰাগীলৈ তেওঁ সমবেদনা জ্ঞাপন কৰিছিল ।