নেশ্য়নেল ডেস্ক,৩ ডিচেম্বৰ:পুনে চহৰত গৰাকীবিহীন মেকুৰীক বীজাণুমুক্ত কৰাৰ বাবে গ্ৰহণ কৰা হৈছে পদক্ষেপ (sterilizing stray cats at Pune)। কেন্দ্ৰীয় চৰকাৰৰ পশু কল্যাণ বিভাগে জাৰি কৰা নিৰ্দেশৰ পিছতেই এই পদক্ষেপ লৈছে পুনে পৌৰ নিগমে (Animal Welfare Department of Central Government) । ইতিমধ্য়ে এনে মেকুৰীক বীজাণুমুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে (Pune Municipal Corporation sterilizing stray cats)। সাধাৰণতে চহৰসমূহত বাটৰুৱা কুকুৰবোৰক বীজাণুমুক্ত কৰাটো এক সচৰাচৰ প্ৰক্ৰিয়া হিচাপে গণ্য় কৰা হয় । কিন্তু এইবাৰ মেকুৰীক বীজাণুমুক্ত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
পুনে পৌৰ নিগমৰ স্বাস্থ্য বিভাগৰ মুৰব্বী আশীষ ভাৰতীয়ে সদৰি কৰা অনুসৰি, পুনেৰ কৰ্তৃপক্ষই ইতিমধ্যে এনে মেকুৰীক বীজাণুমুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে (health department of Pune Municipal Corporation)। এই প্ৰসংগত তেওঁ কয়,"স্থানীয় সংস্থাসমূহক কেন্দ্ৰই এই সন্দৰ্ভত নিৰ্দেশনা দিছে । আমি এই নিৰ্দেশনা কাৰ্যকৰী কৰা আৰম্ভ কৰিছো । এতিয়ালৈকে আমি প্ৰায় ৪০৪ টা মেকুৰী বীজাণুমুক্ত কৰিছো ।" আনহাতে,আন কেইবাটাও মেকুৰীৰ প্ৰতিদিনে অস্ত্ৰোপচাৰ সম্পন্ন হৈছে বুলিও তেওঁ কয় ।