অসম

assam

ETV Bharat / bharat

Khalistani supporters protest in London : ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীৰ গোচৰ ৰুজু - MEA over Khalistani protest

লণ্ডনৰ উচ্চায়ুক্তালয়ত প্ৰতিবাদকাৰীয়ে ত্ৰিৰংগা আঁতৰাই দিয়া ঘটনাৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ গোচৰ ৰুজু (Delhi police case on London protest)। গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশৰ পাচতে ৰুজু গোচৰ । দিল্লী আৰক্ষীৰ এটা বিশেষ কোষে সমগ্ৰ ঘটনাৰ তদন্ত কৰিব ।

Khalistani supporters protest in London
ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীৰ গোচৰ ৰুজু

By

Published : Mar 24, 2023, 5:51 PM IST

নেশ্যনেল ডেস্ক,২৪ মাৰ্চ :লণ্ডনৰ উচ্চায়ুক্তালয়ৰ প্ৰতিবাদক লৈ দিল্লী আৰক্ষীৰ গোচৰ ৰুজু (Delhi police case on London protest)। খালিস্তান সমৰ্থকে প্ৰতিবাদস্বৰূপে উচ্চায়ুক্তালয়ৰ পৰা ত্ৰিৰংগা আঁতৰাই দিয়া ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে । জানিব পৰা গৈছে যে গোচৰটো আইপিচি, ইউএপিএ আৰু পিডিপিপি আইনৰ বিভিন্ন ধাৰাৰ অধীনত পঞ্জীয়ন কৰা হৈছে ।

দিল্লী আৰক্ষীৰ এগৰাকী বিষয়াই কোৱা মতে গৃহ মন্ত্ৰালয়ে দিল্লী আৰক্ষীক এই সন্দৰ্ভত উপযুক্ত আইনী ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়াৰ পাছত গোচৰটো পঞ্জীয়ন কৰা হৈছে । দিল্লী আৰক্ষীৰ এটা বিশেষ কোষে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে । দিল্লী আৰক্ষীৰ মতে বিদেশত নিজকে ভাৰতীয় বুলি পৰিচয় দিয়া একাংশ লোকে এই ধৰণৰ বেআইনী কাৰ্যকলাপত জড়িত আছে ।

উল্লেখ্য যে খালিস্তান সমৰ্থৰ বিৰুদ্ধে চলি থকা অভিযানৰ মাজতে একাংশ লোকে লণ্ডন উচ্চায়ুক্তালয়ত প্ৰতিবাদ সাব্যস্ত কৰিছিল (London Indian High Commission attack)। খালিস্তানী নেতা তথা ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙৰ বিৰুদ্ধে অভিযান আৰম্ভ হোৱাৰ এদিন পাচতে অৰ্থাৎ ১৯ মাৰ্চত এই প্ৰতিবাদ হৈছিল । একাংশ প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উচ্চায়ুক্তালয়ৰ ত্ৰিৰংগা আঁতৰাই দিছিল । লগতে খালিস্তানী পতাকা ওলোমাইছিল ।

এই প্ৰতিবাদৰ পাছতে সমগ্ৰ ভাৰতৰ লগতে বিশ্বত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । উচ্চায়ুক্তালয়ৰ বাহিৰত থকা নিৰাপত্তা বেষ্টনীৰ ওপৰত বিভিন্ন মহলত প্ৰশ্ন উঠিছিল । ভাৰত চৰকাৰেও ব্ৰিটেইন চৰকাৰক নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছিল । নিৰাপত্তাৰ অভাৱক লৈ চৰকাৰে উদ্বেগ প্ৰকাশো কৰিছে ।

এইবোৰৰ মাজতে গৃহ মন্ত্ৰালয়ে দিল্লী আৰক্ষীক ঘটনা সন্দৰ্ভত আইনী ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়ে (MEA over Khalistani protest)। লগে লগে দিল্লী আৰক্ষীয়ে উপযুক্ত আইনৰ অধীনত গোচৰ ৰুজু কৰিছে । দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ লগে লগে এতিয়া সমগ্ৰ বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে ।

ইফালে খালিস্তানী নেতা অমৃতপাল সিঙৰ বিৰুদ্ধে অভিযান এতিয়াও অব্যাহত আছে (Operation against khalistan supporters)। চোৰাংচোৱাৰ প্ৰতিবেদন অনুসৰি নেতাগৰাকী উত্তৰাখণ্ডত আত্মগোপন কৰি আছে । অৱশ্যে এই সন্দৰ্ভত এতিয়াও আৰক্ষীয়ে মুখ খোলা নাই ।

বৃহস্পতিবাৰে, পঞ্জাৱ আৰক্ষীয়ে দাবী কৰা মতে অমৃতপালৰ ২৮ টা একাউণ্টত ৫ কোটি টকাৰ অধিক লেনদেনৰ লগতে ১৫৮ টা বিদেশী একাউণ্টৰ পৰা পুঁজি যোগান ধৰা হৈছিল । যিবোৰ একাউণ্ট পঞ্জাৱৰ মাঝা আৰু মালৱা অঞ্চলৰ বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে কৈছে যে অমৃতসৰ, তৰ্ণ তৰণ, বাটালা, গুৰদাসপুৰ, জলন্ধৰ, নৱানচহৰ, কাপুৰথালা আৰু ফাগৱাৰাতো অমৃতপালৰ একাউণ্ট আছে ।

লগতে পঢ়ক :Crackdown on Amritpal: অমৃতপালক গ্ৰেপ্তাৰৰ বাবে নেপাল সীমান্তত বৃদ্ধি নিৰাপত্তা ব্যৱস্থা

ABOUT THE AUTHOR

...view details