নেশ্যনেল ডেস্ক, 27 জুলাই: মঙলবাৰে দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই ৰিপ’ৰ্টিং এচাইনমেণ্টৰ বাবে শ্ৰীলংকা ভ্ৰমণত বাধা আৰোপ কৰে কাশ্মীৰৰ ফ্ৰীলেঞ্চ জাৰ্ণেলিষ্ট আকাশ হাছানক(Kashmiri journalist barred from travelling abroad) । নতুন দিল্লীস্থিত ইন্দিৰা গান্ধী ইন্টাৰনেশ্যনেল এয়াৰপ'ৰ্ট চমুকৈ আই জি আই বিমান বন্দৰ ইমিগ্ৰেচন বিষয়াই পুলিৎজাৰ বঁটা বিজয়ী স্বতন্ত্ৰ সাংবাদিকগৰাকীক বিমানত প্ৰৱেশত বাধা দিয়ে ৷
শ্ৰীলংকাৰ কলম্বোলৈ উৰা মাৰিব লগীয়া বিমানত প্ৰৱেশৰ বাবে যাওঁতেই বন্দৰটোত কৰ্মৰত এগৰাকী ইমিগ্ৰেচন বিষয়াই বাধা আৰোপ কৰে বুলি সাংবাদিকগৰাকীয়ে জানিবলৈ দিয়ে । প্ৰতিক্ৰিয়া হিচাপে দেশখনত সাম্প্ৰতিক সময়ত দেখা দিয়া সংকট সন্দৰ্ভত উনুকিওৱাৰ ইচ্ছা প্ৰকাশ কৰে পুলিৎজাৰ বঁটা বিজয়ী স্বতন্ত্ৰ সাংবাদিকগৰাকীয়ে(Pulitzer award winning Kashmiri photo journalist) ৷ ইয়াৰ পিছতে ইমিগ্ৰেচন বিষয়াসকলে সাংবাদিকগৰাকীৰ পাছপ’ৰ্ট আৰু বৰ্ডিং পাছ লৈ যোৱাৰ লগতে আৰু চাৰি ঘণ্টা সময় ধৰি তেওঁক এটা কোঠাত বহি থাকিবলৈ বাধ্য কৰাইছিল বুলি আকাশে টুইটযোগে জানিবলৈ দিয়ে ।
উল্লেখ্য যে, উপত্যকাটোত 370 অনুচ্ছেদ বাতিলৰ পিছত কেইবাজনো কাশ্মীৰী সাংবাদিকক বিদেশ ভ্ৰমণত বাধা দিয়া পৰিলক্ষিত হৈছিল ৷ অৱশ্যে বহুকেইজনক নিৰাপত্তা বাহিনীয়ে নিজৰ কামটো খটুৱাইছে বুলি জানিব পোৱা যায় ৷