অসম

assam

ETV Bharat / bharat

Pulitzer Award 2022: বঁটা গ্ৰহণ অনুষ্ঠানলৈ যোৱাত বাধা বঁটা প্ৰাপকক

পুলিৎজাৰ বঁটা বিজয়ী সনা ইৰছাদ মাট্টুক বঁটা গ্ৰহণ অনুষ্ঠানলৈ যোৱাত বাধা দিল্লী বিমানবন্দৰত(pulitzer prize 2022) ৷ টুইটাৰযোগে জানিবলৈ দিয়ে ফটো সাংবাদিকগৰাকীয়ে এই কথা ৷

By

Published : Oct 19, 2022, 12:19 PM IST

pulitzer-award-winner-sana-irshad-mattoo-was-stopped-at-delhi-airport
Pulitzer prize 2022: দিল্লী বিমান বন্দৰত বাধা প্ৰদান বঁটা প্ৰাপকক

নিউজ ডেস্ক,19 অক্টোবৰ: পুলিৎজাৰ বঁটা গ্ৰহণ কৰিবলৈ বিদেশলৈ যাবলৈ ওলোৱা কাশ্মীৰৰ ফটো সাংবাদিক সনা ইৰছাদ মাট্টুক দিল্লী বিমানবন্দৰত বাধা(pulitzer prize 2022)৷ দিল্লী বিমানবন্দৰৰ পৰা বিদেশলৈ যোৱাৰ সময়তে মাট্টুক বাধা দিয়া হয় (Delhi airport pulitzer )। পুলিৎজাৰ বঁটা গ্ৰহণ কৰিবলৈ নিউয়ৰ্কলৈ যোৱাৰ সময়তে তেওঁক বাধা দিয়া হয় বুলি এক টুইটযোগে জানিবলৈ দিয়ে ৷

দিল্লী বিমান বন্দৰত বাধা প্ৰদান বঁটা প্ৰাপকক

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভিছা আৰু টিকট থকাৰ পিছতো তেওঁক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভ্ৰমণ কৰাত বাধা দিয়া হৈছিল বুলি আক্ষেপ সহকাৰে পুলিৎজাৰ বটাঁ বিজয়ীগৰাকীয়ে জানিবলৈ দিয়ে ৷ সানা ইৰছাদ মাট্টুই এইবাৰ দ্বিতীয়বাৰৰ বাবে তেওঁক বিনা কাৰণত ভ্ৰমণত বাধা প্ৰদান কৰা হৈছে বুলি কয় । আনকি কেইমাহমান পূৰ্বে মাট্টুক বিদেশ ভ্ৰমণত বাধা দিয়া হৈছিল । কেইবাজনো বিষয়াৰ সৈতে যোগাযোগ কৰাৰ পিছতো এইবাৰো তেওঁৰ ভ্ৰমণ নিষিদ্ধ কৰা হয় । তেওঁ কয় যে তেওঁৰ বাবে বঁটা প্ৰদান অনুষ্ঠানটোত অংশগ্ৰহণ কৰাটো এটা ডাঙৰ সুযোগ আছিল, যিটো সম্পূৰ্ণ কৰিব পৰা নগ'ল (pulitzer award winner Sana Irshad Mattoo ) ।

গ্ৰন্থ উন্মোচন আৰু ফটোগ্ৰাফী প্ৰদৰ্শনীৰ বাবে দিল্লীৰ পৰা পেৰিছলৈ যোৱাৰ সময়তো মাট্টুক দিল্লী বিমানবন্দৰত ৰখাই দিয়া হৈছিল বুলি উল্লেখ কৰে । জুলাই মাহৰ সেই ভ্ৰমণৰ সময়চোৱাত তেওঁৰ ভ্ৰমণত কোনো কাৰণ নোহোৱাকৈয়ে বাধা দিয়া হৈছিল বুলি মাট্টুই অভিযোগ কৰে ৷ তেওঁৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা বাহাল থকাৰ বাবেই তেওঁ বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব বুলি ইমিগ্ৰেচন বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

২০২২ বৰ্ষৰ ফিচাৰ ফটোগ্ৰাফী শাখাত মাট্টুই পুলিৎজাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ তেওঁৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা ৰয়টাৰ্ছৰ তিনিজন সাংবাদিকেও লাভ কৰিছে এই সন্মান((international news agency Reuters)৷ মট্টুৰ উপৰিও ফটো সাংবাদিক আদনান আবিদি, প্ৰয়াত ডেনিছ ছিদ্দিকী(Danish siddiqui) আৰু অমিত ডেভৰ নামো বঁটা তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল ।

২০১৮ চনৰ পৰা মুক্ত ফটো সাংবাদিক হিচাপে জম্মু-কাশ্মীৰত কাম কৰি থকা সানা ইৰছাদ মাট্টুৱে ক’ৰোনা মহামাৰীৰ সময়ত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি পালন কৰি গৈছিল দায়িত্ব । ইয়াৰ বাবে মাট্টু পুলিৎজাৰ বঁটা ২০২২ বৰ্ষৰ বাবে নিৰ্বাচিত হৈছিল(Kashmiri photojournalist Sana Irshad Mattoo)৷ ফিচাৰ ফটোগ্ৰাফী শাখাৰ বাবে মাট্টুয়ে লাভ কৰিছে এই বঁটা ৷ উল্লেখ্য যে, এই বঁটাক সাংবাদিকতা জগতৰ আটাইতকৈ ডাঙৰ বঁটা হিচাপে গণ্য কৰা হয়।

লগতে পঢ়ক:Jimmy the Hero: মানৱ সমাজৰ সৈতে যাৰ গঢ়ি উঠিছে আত্মিক সম্পৰ্ক

ABOUT THE AUTHOR

...view details