অসম

assam

ETV Bharat / bharat

পুডুচেৰীত ভোটগ্ৰহণ অব্যাহতঃ ভাগ্য নিৰ্ণয় হ'ব ৩২৪ গৰাকী প্ৰাৰ্থীৰ - মহিলা ভোটকেন্দ্ৰ স্থাপন

মঙলবাৰে পুডুচেৰীত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচন । ৩০টা সমষ্টিত পুৱাৰে পৰা অব্যাহত আছে ভোটদান প্ৰক্ৰিয়া । ৩২৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিবলৈ ভোটদান কৰিব মুঠ ১০,০৪,৫০৭ গৰাকী ভোটাৰে ।

পুডুচেৰীত ১০,০৪,৫০৭ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৩২৪ গৰাকী প্ৰাৰ্থীৰ
পুডুচেৰীত ১০,০৪,৫০৭ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৩২৪ গৰাকী প্ৰাৰ্থীৰ

By

Published : Apr 6, 2021, 1:13 PM IST

নেশ্যনেল ডেস্ক, ৬ এপ্ৰিল: পুডুচেৰীত ৩০টা সমষ্টিত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচন । এটা পৰ্যায়ত অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াত ৩২৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিবলৈ ভোটদান কৰিব মুঠ ১০,০৪,৫০৭ গৰাকী ভোটাৰে । পুডুচেৰী, কাৰাইকাল, মাহে আৰু য়ানামত মঙলবাৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে । পাঁচটা সংৰক্ষিত সমষ্টিকে ধৰি মুঠ ৩০ টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছে ।

অৱশ্যে, ৩৩ খন বিধানসভা আসনৰ ভিতৰত তিনিখন ইতিমধ্যে মনোনীত হৈছে । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত নিৰ্বাচন অনুষ্ঠিত হৈছে । নিৰ্বাচনী আয়োগে ঘোষণা কৰিছিল যে, প্ৰতিটো বিধানসভা সমষ্টিতে এটাকৈ মহিলা ভোটকেন্দ্ৰ স্থাপন কৰা হ'ব । কেন্দ্ৰীয় শাসিত অঞ্চলটোত চি আৰ পি এফৰ মুঠ ৩৪ টা কোম্পানী নিয়োজিত কৰা হৈছে ।

লগতে নিৰ্বাচনী আয়োগে ভোটগ্ৰহণৰ মুক্ত আৰু নিৰপেক্ষ কাৰ্যকৰীকৰণ নিশ্চিত কৰিবলৈ ১০৫ টা ফ্লায়িং স্কোৱাড, ১০৫ টা ষ্টেটিক ছাৰ্ভিলেঞ্চ দল, ২৬ টা ৰোলিং ষ্টেটিক ছাৰ্ভিলেঞ্চ দল আৰু ৩৫ টা ভিডিঅ' নিৰীক্ষণ দল গঠন কৰিছে । নিৰ্বাচনৰ বাবে ৬৩৫ টা স্থানত ৯৫২ টা মুখ্য আৰু ৬০৬ টা সহায়ক ভোটগ্ৰহণ কেন্দ্ৰকে ধৰি প্ৰায় ১,৫৫৮ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে ।

লগতে পঢ়ক:ন্যায়াধীশ এন ভি ৰমানাক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি

ABOUT THE AUTHOR

...view details