নিউজ ডেস্ক, 29 ডিচেম্বৰ: কভিড-19ৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ণাটক প্ৰশাসনে ৰাজ্যৰ খনৰ ৰাজধানীত নতুন বছৰক আদৰাৰ উপলক্ষে অনুষ্ঠিত অনুষ্ঠান আৰু সুৰা যুক্ত পাৰ্টিসমূহৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা জাৰি কৰিছে ৷ এই ক্ষেত্ৰত প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰি 31 ডিচেম্বৰৰ পৰা 1 জানুৱাৰীলৈকে থাকিব এই নিষেধাজ্ঞা ৷
এই সন্দৰ্ভত বাংগালুৰু আৰক্ষীৰ আয়ুক্ত কমল পান্টে কয়,ধাৰা 144ৰ অধিনত 31 ডিচেম্বৰৰ সন্ধিয়াৰ পৰা 1 জানুৱাৰীৰ পুৱা ভাগলৈকে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰি চহৰখনৰ ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক গোট খাব নোৱাৰিব ৷