অসম

assam

ETV Bharat / bharat

ক'ভিড বিধি উলংঘন: দেশত তৃতীয় ঢৌৰ বাবে দায়ী হ'ব সাধাৰণ নাগৰিক - আমেৰিকা যুক্তৰাষ্ট্ৰৰ সশস্ত্ৰ বাহিনী

চি ভোটাৰ লাইভ নিউজ ট্ৰেকাৰে দেশত কেইবাটাও বিষয়ত এক জৰীপ চলায় । জৰীপৰ অন্যতম বিষয় আছিল কৰ'ণা (Corona) । জৰীপ অনুসৰি যদি দেশত তৃতীয় ঢৌ আহে তেন্তে সাধাৰণ জনতা ইয়াৰ বাবে দায়ী হ'ব । জৰীপ মতে উত্তৰ প্ৰদেশৰ ৰাজনীতিত আছাদুদ্দিন ওৱেচি (Asaduddin Owaisi) কোনো গুৰুত্বপূৰ্ণ কাৰক নাছিল আৰু ভৱিষ্যতেও হ'ব নোৱাৰে ।

c voter track
ক'ভিড বিধি উলংঘনৰ বাবে ভাৰতত তৃতীয় ঢৌৰ দায়ী হ'ব সাধাৰণ নাগৰিক

By

Published : Jul 10, 2021, 2:27 PM IST

নেশ্যনেল ডেস্ক, ১০ জুলাই :চি ভোটাৰ সংবাদ মাধ্যম ট্ৰেকাৰৰ এক অনুসন্ধান অনুসৰি ভাৰতত কৰ'ণাৰ তৃতীয় ঢৌৰ (third wave of corona) বাবে সাধাৰণ লোক দায়ী হ'ব । যিহেতু বিভিন্ন চহৰৰ বজাৰ আৰু ৰাজহুৱা স্থানত বিশাল ভিৰ দেখিবলৈ পোৱা গৈছে আৰু পাহাৰীয়া অঞ্চলসমূহতো জনসমাগম পৰিলক্ষিত হৈছে, এই সকলো ক্ষেত্ৰতে ক'ভিডৰ নিয়ম অমান্য কৰাও দেখা গৈছে । ভাৰতৰ বেছিভাগ সচেতন লোকে মত প্ৰকাশ কৰা মতে যদি দেশত তৃতীয় ঢৌ আহে তেন্তে সাধাৰণ জনতা ইয়াৰ বাবে দায়ী হ'ব ।

চি ভোটাৰ লাইভ নিউজ ট্ৰেকাৰৰ (C Voter Live News tracker) সন্মুখত ৫৭ শতাংশ লোকে কৈছে যে, যদি দেশখন তৃতীয় ঢৌৰ দ্বাৰা প্ৰভাৱান্বিত হয় তেন্তে সাধাৰণ জনতা ইয়াৰ বাবে দায়ী হ'ব । জৰীপৰ সময়ত সাক্ষাৎকাৰ লোৱা লোকসকলৰ মাত্ৰ ৩৪ শতাংশইহে এটা ঢৌৰ বাবে চৰকাৰক দায়ী বুলি কোৱা উচিত হ'ব বুলি কয় । যদি দেশখন মাৰাত্মক ভাইৰাছৰ আন এটা ঢৌৰ দ্বাৰা প্ৰভাৱান্বিত হয় তেন্তে কাক দায়ী কৰিব লাগে বুলি কৰা প্ৰশ্নত একাংশ লোকে কোনো মতামত নিদিলে ।

দেশত ভেকছিনৰ কোনো অভাৱ নাই বুলি কেন্দ্ৰই দাবী কৰা স্বত্বেও সংবাদ মাধ্যমত সাক্ষাৎকাৰ লোৱা বৃহৎ সংখ্যক লোকেই কয় যে, তেওঁলোকে সহজে ভেকছিনৰ পালি গ্ৰহণ কৰিব পৰা নাই আৰু তেওঁলোকে মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ টীকাকৰণৰ বাবে বহু সময় অপেক্ষা কৰিবলগীয়া হৈছে ।

জৰীপটোত সাক্ষাৎকাৰ লোৱা লোকসকলৰ ৪৭ শতাংশই কয় যে তেওঁলোকে প্ৰতিষেধকৰ বাবে বহু সময় অপেক্ষা কৰিবলগীয়া হৈছে ৷ আনহাতে ৪২ শতাংশ লোকে আকৌ ইয়াৰ বিপৰীতে প্ৰতিষেধকৰ স্লট বুক কৰাৰ পিছত তেওঁলোকে দীঘলীয়া সময় অপেক্ষা নকৰাকৈ সহজে ভেকছিনৰ পালি গ্ৰহণ কৰিবলৈ সক্ষম হৈছে বুলি কয় । বাকী সকলে আকৌ দেশত ভেকছিনৰ উপলব্ধতাৰ বিষয়ে নিশ্চিত নাছিল ।

বেছিভাগ ভাৰতীয়ই বিশ্বাস কৰে যে দেশৰ প্ৰতিখন জিলাতে অক্সিজেন উৎপাদন প্ৰকল্প স্থাপনৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ সিদ্ধান্ত কিছু পলম হৈছিল । চি ভোটাৰ লাইভ নিউজ ট্ৰেকাৰৰ মতে ৫১ শতাংশ লোকে কৈছে যে চৰকাৰে দেশৰ প্ৰতিখন জিলাত চিকিৎসা অক্সিজেন উৎপাদন প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লোৱাত পলম কৰিছে । আনহাতে, মাত্ৰ ৩৮ শতাংশই কয় যে সিদ্ধান্তটো সঠিক সময়ত লোৱা হৈছিল । অৱশ্যে চৰকাৰে সঠিক সময়ত সিদ্ধান্ত লৈছিল নে নাই সেই বিষয়ে কোনো মন্তব্য নকৰে একাংশ লোকে ।

ট্ৰেকাৰৰ আন এক তথ্য মতে, বহু লোকে কৈছে যে উত্তৰ প্ৰদেশৰ ৰাজনীতিত আছাদুদ্দিন ওৱেচি (Asaduddin Owaisi) কোনো গুৰুত্বপূৰ্ণ কাৰক নাছিল আৰু ভৱিষ্যতেও হ'ব নোৱাৰে । চি ভোটাৰ লাইভ নিউজ ট্ৰেকাৰত ৫২ শতাংশ লোকে কৈছে যে ওৱেচিৰ দলে বিধানসভা নিৰ্বাচনত এখনো আসনত জয়ী হ'ব নোৱাৰিব । সাক্ষাৎকাৰ লোৱা সকলৰ মাত্ৰ ২৮ শতাংশই এআইএমআইএমে (AIMIM) উত্তৰ প্ৰদেশত বিহাৰ আৰু মহাৰাষ্ট্ৰৰ দৰে প্ৰদৰ্শন পুনৰাবৃত্তি কৰিবলৈ সক্ষম হ'ব বলি কৈছিল ।

পশ্চিমবংগৰ পিছত জিলা পঞ্চায়ত অধ্যক্ষ আৰু খণ্ড প্ৰমুখ নিৰ্বাচনৰ সময়ত উত্তৰ প্ৰদেশত ৰাজনৈতিক হিংসা দেখা গৈছিল আৰু শাসকীয় বিজেপিৰ বিৰুদ্ধে চৰকাৰী যন্ত্ৰৰ অপব্যৱহাৰ কৰা আৰু স্থানীয় সংস্থাৰ নিৰ্বাচনত জয়লাভ কৰিবলৈ হিংসাৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপিত হৈছে । বহু লোকে বিশ্বাস কৰে যে বিভিন্ন ৰাজ্যৰ সকলো শাসকীয় দলে স্থানীয় নিৰ্বাচনত জয়ী হ'বলৈ এনে কৌশল গ্ৰহণ নকৰে ।

৪৫ শতাংশ লোকৰ মতে বিভিন্ন ৰাজ্যৰ সকলো শাসকীয় দলে স্থানীয় নিৰ্বাচনত জয়ী হ'বলৈ হিংসা আৰু চৰকাৰী যন্ত্ৰৰ অপব্যৱহাৰ নকৰে আৰু ৩৫ শতাংশই ইয়াৰ বিপৰীত মন্তব্য কৰে । ১৯.৮ শতাংশ লোক নিশ্চিত নাছিল যে সকলো শাসকীয় দলে স্থানীয় সংস্থাৰ নিৰ্বাচনত জয়ী হ'বলৈ এনে কৌশল অৱলম্বন কৰে নে নকৰে ।

যিহেতু আমেৰিকা চৰকাৰে ঘোষণা কৰিছে যে আফগানিস্তানত ইয়াৰ সামৰিক অভিযান ৩১ আগষ্টত সমাপ্ত কৰিব, বহু সংখ্যক ভাৰতীয়ই বিশ্বাস কৰে যে যুদ্ধ বিধ্বস্ত দেশখনত আমেৰিকাৰ সামৰিক অভিযানৰ দুটা দশকত যুদ্ধ বিধ্বস্ত আফগানিস্তানৰ পৰিস্থিতি উন্নত হৈছে । ট্ৰেকাৰত ৪৩ শতাংশ লোকে বিশ্বাস কৰা মতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ (USA) সশস্ত্ৰ বাহিনীৰ উপস্থিতিৰ সময়ত আফগানিস্তানৰ পৰিস্থিতি উন্নত হৈছিল কিয়নো দেশখনত আল কায়েদা আৰু অন্যান্য সন্ত্ৰাসবাদী সংগঠনৰ প্ৰভাৱ যথেষ্ট হ্ৰাস পাইছে । অৱশ্যে জৰীপৰ সময়ত মাত্ৰ ২৬ শতাংশই কয় যে দেশখনত আমেৰিকাৰ সামৰিক অভিযানৰ বাবে আফগানিস্তানৰ পৰিস্থিতি অধিক বেয়া হৈছে । তাৎপৰ্যপূৰ্ণভাৱে ভাৰতীয় সকলৰ ৩১ শতাংশই আফগানিস্তানত সংঘটিত উন্নয়ন সম্পৰ্কে কোনো মতামত নিদিয়ে ।

ইফালে আমেৰিকা চৰকাৰৰ সিদ্ধান্তৰ ওপৰত ভাৰতীয়সকলে দুটা পৃথক মন্তব্য কৰে । চি ভোটাৰ লাইভ নিউজ ট্ৰেকাৰৰ সাক্ষাৎকাত ৩৫ শতাংশ লোকে কয় যে এইটো বিডেন প্ৰশাসনৰ সঠিক সিদ্ধান্ত । আনহাতে, ৩৪ শতাংশৰ মতে তালিবানে দ্ৰুতগতিত কাৰ্যকলাপ চলাই থকাৰ মাজতে আমেৰিকা চৰকাৰে লোৱা এইটো এটা ভুল সিদ্ধান্ত । জৰীপ কৰা লোকসকলৰ প্ৰায় ৩১ শতাংশ লোকে এই ক্ষেত্ৰত নিশ্চিত নাছিল ।

লগতে পঢ়ক :বৃদ্ধি পালে Mother Dairy ৰ গাখীৰৰ মূল্য

ABOUT THE AUTHOR

...view details