নিউজ ডেস্ক, ৩ মে' :প্ৰতিবাদকাৰী মল্লযোদ্ধা আৰু প্ৰাক্তন কিংবদন্তী খেলুৱৈগৰাকীৰ মাজত হোৱা অপ্ৰীতিকৰ বিবাদৰ কেইদিনমান পিচতে ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি পিটি ঊষাই (legendary Olympian PT Usha) বুধবাৰে ৰাজধানীৰ যন্তৰ-মন্তৰত পীড়িত মহিলা মল্লযোদ্ধাসকলক সাক্ষাৎ কৰে । উল্লেখ্য, ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে মল্লযোদ্ধাসকলৰ প্ৰতিবাদে বুধবাৰে ১১ নম্বৰ দিনত প্ৰৱেশ কৰে (PT Usha meets wrestlers at Jantar Mantar) ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে পিটি ঊষাই (IOA President PT Usha) এক সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলক ৰাজপথত প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ পৰিৱৰ্তে শৃংখলাবদ্ধ হ'বলৈ আৰু দেশক অপমান নকৰিবলৈ কৈ বিদ্যালয়ত পঢ়িবলৈ চেষ্টা কৰাৰ কথা কৈছিল । যিটো মল্লযোদ্ধাসকলে ভালদৰে গ্ৰহণ কৰা নাছিল (Indian wrestlers protest against WFI chief) ।
পৰৱৰ্তী সময়ত সাক্ষী মালিকে কয় যে, তেওঁলোকে তেওঁৰ এই মন্তব্যৰ দ্বাৰা আঘাত অনুভৱ কৰিছে । "তেওঁ নিজে এগৰাকী মহিলা হোৱা সত্ত্বেও আমাক সমৰ্থন কৰা নাই । আমি ইয়াত শান্তিপূৰ্ণভাৱে বহি আছোঁ । যদি আমি ন্যায় পালোঁহেঁতেন, তেন্তে আমি ইয়ালৈ প্ৰতিবাদ কৰিবলৈ নাহিলোঁহেঁতেন ।" তেওঁ কয় । আনহাতে, বিনেশ ফোগাটে অভিযোগ কৰি কয় যে, তেওঁ পূৰ্বতে পিটি ঊষাক তেওঁলোকৰ বিষয়টো আলোচনা কৰিবলৈ ফোন কৰিছিল । কিন্তু তেওঁ তাৰ কোনো উত্তৰ পোৱা নাছিল ।
উল্লেখ্য যে, প্ৰাক্তন 'ট্ৰেক এণ্ড ফিল্ড' আইকনগৰাকীয়ে প্ৰতিবাদস্থলীত সমবেত হোৱা সংবাদ মাধ্যমৰ সৈতে কোনো ধৰণৰ মত বিনিময় নকৰাকৈয়ে গুচি যায় । কিন্তু পুনিয়াই পিচত সাংবাদিকৰ আগত প্ৰকাশ কৰে যে, তেওঁ সমৰ্থনৰ প্ৰতিশ্ৰুতি দিছে । "পিটি ঊষাই আমাক লগ ধৰি সমৰ্থনৰ আশ্বাস দিছে । তেওঁ কৈছে যে, তেওঁ প্ৰথমতে এগৰাকী খেলুৱৈ আৰু তাৰ পিচতহে এগৰাকী প্ৰশাসক । তেওঁ আশ্বাস দিছে যে, তেওঁ আমাক ন্যায় পোৱাত সহায় কৰিব ।"
আনহাতে, অলিম্পিকৰ পদক বিজয়ী খেলুৱৈ পুনিয়াই প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলৰ অনুশাসনৰ অভাৱ সম্পৰ্কে কৰা মন্তব্যৰ ক্ষেত্ৰত কয়, "পিটি ঊষাই কৈছে যে তেওঁৰ মন্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছে ।"