অসম

assam

ETV Bharat / bharat

First Woman IOA President : ভাৰতীয় অলিম্পিক সন্থাৰ প্ৰথম মহিলা সভাপতি পিটি ঊষা - Payyoli Express

১৯৮৪ চনৰ লছ এঞ্জেলছ অলিম্পিকৰ ৪০০ মিটাৰ হৰ্ডলছ ফাইনেলত টতুৰ্থ স্থান দখল কৰা আৰু একাধিক এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী ৫৮ বছৰীয়া পিটি ঊষাক নিৰ্বাচনত শীৰ্ষ পদৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত ঘোষণা কৰা হয় (PT Usha becomes first woman IOA president) ।

PT Usha
PT Usha

By

Published : Dec 10, 2022, 8:07 PM IST

নিউজ ডেস্ক, ১০ ডিচেম্বৰ :দেশৰ ক্ৰীড়া প্ৰশাসনত এক নতুন যুগৰ সূচনা কৰি কিংবদন্তি পিটি ঊষা শনিবাৰে ভাৰতীয় অলিম্পিক সন্থাৰ (Indian Olympic Association, IOA) প্ৰথম মহিলা সভাপতি হিচাপে নিৰ্বাচিত হয় (PT Usha elected first woman president of IOC) । ১৯৮৪ চনৰ লছ এঞ্জেলছ অলিম্পিকৰ ৪০০ মিটাৰ হৰ্ডলছৰ চতুৰ্থ স্থান দখল কৰা আৰু একাধিক এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী ৫৮ বছৰীয়া ঊষাক নিৰ্বাচনত শীৰ্ষ পদৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত ঘোষণা কৰা হয় ।

উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত অৱসৰপ্ৰাপ্ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৰ তত্ত্বাৱধানত নিৰ্বাচন অনুষ্ঠিত হৈছিল । ঊষাক শীৰ্ষ পদত নিযুক্তি দিয়াৰ ফলত বহুধাবিভক্ত হৈ পৰা IOA-ত দীৰ্ঘদিন ধৰি অমীমাংসিত সংকটৰ অৱসান ঘটে (PT Usha becomes first woman IOA president) । উল্লেখ্য, এই মাহত নিৰ্বাচন অনুষ্ঠিত নহ'লে আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে (International Olympic Committee, IOC) সম্ভাৱ্য নিলম্বনৰ সতৰ্কবাণী দিছিল ।

উল্লেখ্য, উক্ত নিৰ্বাচনবোৰ মূলত ২০২১ চনৰ ডিচেম্বৰতে অনুষ্ঠিত হ'বলগীয়া আছিল । শীৰ্ষ পদৰ বাবে একমাত্ৰ প্ৰাৰ্থী হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছত যোৱা মাহৰ শেষৰ ফালে ঊষাৰ শীৰ্ষ পদত অভিষিক্ত হোৱাটো এক পূৰ্বনিৰ্ধাৰিত সিদ্ধান্ত আছিল । জুলাই মাহত শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যসভালৈ মনোনীত কৰা ঊষাৰ বিৰুদ্ধে যুঁজ দিবলৈ কোনেও ইচ্ছুক নাছিল ।

আনহাতে, নেচনেল ৰাইফল এছ'চিয়েচন অব ইণ্ডিয়াৰ (National Rifle Association of India, NRAI) অজয় পেটেলক জ্যেষ্ঠ উপ-সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত কৰা হৈছে । ইয়াৰ উপৰি অলিম্পিক পদক বিজয়ী শ্বুটাৰ গগন নাৰাং আৰু ৰ'য়িং ফেডাৰেচন অব ইণ্ডিয়াৰ (Rowing Federation of India) সভাপতি ৰাজলক্ষ্মী সিং দেও উপ-সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ।

ভাৰতীয় ভাৰোত্তোলন ফেডাৰেচনৰ (Indian Weightlifting Federation, IWF) সভাপতি সহদেৱ যাদৱ কোষাধ্যক্ষ হিচাবে নিৰ্বাচিত হৈছে । অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ (All India Football Federation, AIFF) সভাপতি তথা প্ৰাক্তন গ'লৰক্ষক কল্যাণ চৌবে সম্পাদক (পুৰুষ) হিচাপে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে । বেডমিণ্টন এছ'চিয়েচন অব ইণ্ডিয়াৰ (বিএআই) অলকানন্দা অশোক ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতাত যুটীয়া সচিব (মহিলা) হিচাপে নিৰ্বাচিত হৈছে । শালিনী ঠাকুৰ চাওলা আৰু সুমন কৌশিকো তেওঁৰ সৈতে প্ৰতিদ্বন্দ্বিতাত আছিল ।

উল্লেখ্য, 'পায়োলি এক্সপ্ৰেছ' (Payyoli Express) নামে জনাজাত ঊষাক শাসকীয় ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে বিগত জুলাইত ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰা হয় । আনহাতে, তেওঁ হৈছে ভাৰতীয় অলিম্পিক সন্থাৰ ৯৫ বছৰীয়া ইতিহাসত মুৰব্বী হোৱা প্ৰথম অলিম্পিয়ান আৰু প্ৰথম আন্তঃৰাষ্ট্ৰীয় পদক বিজয়ী হয় । ২০০০ চনত আন্তৰ্জাতিক পদকৰ সৈতে অৱসৰ লোৱাৰ পূৰ্বে দুটা দশক ধৰি ভাৰতীয় আৰু এছিয়ান এথলেটিকছত আধিপত্য বিস্তাৰ কৰাৰ পিছত তেওঁৰ শিৰত আন এক শিৰোধান যোগ হয় ।

উল্লেখ্য, ১৯৩৪ চনত টেষ্ট মেচ খেলা মহাৰাজা যাদৱীন্দ্ৰ সিঙৰ পিছত ঊষা হৈছে প্ৰথম খেলুৱৈ, যিয়ে দেশক প্ৰতিনিধিত্ব কৰিছে আৰু লগতে IOA-ৰ মুৰব্বী হৈছে । সিং তৃতীয়গৰাকী IOA সভাপতি আছিল যিয়ে ১৯৩৮ চনৰ পৰা ১৯৬০ চনলৈ কাৰ্যভাৰ গ্ৰহণ কৰিছিল । অলিম্পিক পদক বিজয়ী মল্লযোদ্ধা যোগেশ্বৰ দত্ত আৰু আৰ্চাৰ দোলা বেনাৰ্জীয়ে আঠজন খেলুৱৈৰ অসাধাৰণ মেধাৰ (Sportspersons of Outstanding Merit) পুৰুষ আৰু মহিলা প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহক পৰিষদত আছে ।

আনহাতে, ভূপেন্দ্ৰ সিং বাজৱা, অমিতাভ শৰ্মা, হৰপাল সিং আৰু ৰোহিত ৰাজপালকো কাৰ্যনিৰ্বাহক পৰিষদলৈ নিৰ্বাচিত কৰা হৈছে । উল্লেখ্য বৰ্তমানৰ পৰিষদখন আগৰ পৰিষদতকৈ যথেষ্ট পৃথক । কাৰ্যনিৰ্বাহক পৰিষদৰ 14 জন সদস্যৰ ভিতৰত কমেও পাঁচজন (ভাৰতৰ IOC সদস্য নীতা আম্বানিসহ) প্ৰাক্তন ক্ৰীড়া ব্যক্তিত্ব ।

কিংবদন্তি বক্সাৰ এম চি মেৰী কম (Legendary boxer MC Mary Kom) আৰু টেবুল টেনিছৰ মহান খেলুৱৈ অচন্ত শৰৎ কমলো এথলীট কমিছনৰ সভাপতি আৰু উপ-সভাপতি হোৱাৰ বাবে উক্ত কাৰ্যনিৰ্বাহক পৰিষদৰ অংশ ।

লগতে পঢ়ক :Assam Movement Martyrs Day : অসম আন্দোলনৰ আঘাতপ্ৰাপ্তলৈ ২ লাখকৈ আৰ্থিক অনুদান প্ৰদান

ABOUT THE AUTHOR

...view details