নিউজ ডেস্ক, ২৯ ছেপ্টেম্বৰ : শুকুৰবাৰে কৰ্ণাটকত পালন কৰা হয় ১২ ঘণ্টীয়া বন্ধ । কাবেৰী জল বিবাদৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ কানাড়াপন্থী সংগঠনসমূহে এই বন্ধৰ আহ্বান জনাইছিল । কাবেৰী নদীৰ পানী তামিলনাডুলৈ মুকলি কৰি দিয়াৰ প্ৰতিবাদকল্পেই এই বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰা হয় । আনহাতে, বন্ধৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰা হয় । প্ৰতিবাদকাৰীসকলে বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰে ।
ইফালে প্ৰতিবাদকাৰীয়ে বেংগালুৰুৰ কেম্পেগৌড়া বিমানবন্দৰতো প্ৰতিবাদ সাব্যস্ত কৰে । অৱশ্যে আৰক্ষীয়ে বিমানবন্দৰত প্ৰৱেশ কৰা প্ৰতিবাদকাৰীসকলক আটক কৰে । বিমানৰ টিকট বুকিং কৰাৰ পিছত নাম্মা কৰ্ণাটক সেনাৰ পাঁচজন কৰ্মী বিমানবন্দৰত প্ৰৱেশ কৰে । পিছত তেওঁলোকে বিমানখনত প্ৰৱেশ কৰে আৰু প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে । আৰক্ষীয়ে পাঁচোজনকে আটক কৰে । এই প্ৰতিবাদকাৰীসকলে পুৱা ৯.৫০ বজাত ইণ্ডিগো বিমানৰ টিকট বুকিং কৰিছিল ।
আনহাতে, বন্ধৰ বাবে বেংগালুৰুৰ পৰা অহা-যোৱা কৰা বিমানৰ চলাচল ব্যাহত হৈছে । দিল্লী, মুম্বাই, কলকাতা, মাংগালোৰকে ধৰি মুঠ ৪১ খন বিমান বাতিল কৰা হৈছে । বেংগালুৰুলৈ অহা-যোৱা কৰা বিমানসমূহ বাতিল কৰা হৈছে । জানিব পৰা মতে, যাত্ৰীৰ অভাৱৰ বাবে ৪১ খন বিমান বাতিল কৰা হৈছে ।