অসম

assam

Protesting Wrestlers Threating : গংগাত নিক্ষেপ কৰিব পদক; আমৰণ অনশনৰ ভাবুকি বজৰং পুনিয়াৰ

By

Published : May 30, 2023, 4:00 PM IST

কুস্তি ফেডাৰেচনৰ মুৰব্বী ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে মল্লযোদ্ধাসকলে । যৌন নিৰ্যাতনৰ অভিযোগৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা নিষ্ক্ৰিয়তাৰ প্ৰতিবাদ কৰি গঙ্গা নদীত তেওঁলোকৰ মূল্যৱান অলিম্পিক পদক দলিয়াই দিয়াৰ ভাবুকি দিছে মল্লযোদ্ধাসকলে (wrestlers threaten to throw medals in Ganga) ।

Protesting Wrestlers Threating
Protesting Wrestlers Threating

নিউজ ডেস্ক, ৩০ মে' :গংগা দশেৰাৰ পৱিত্ৰ তিথি উপলক্ষে তেওঁলোকৰ পদক গংগাত বিসৰ্জনৰ ভাবুকি দিছে আন্দোলনকাৰী মল্লযোদ্ধাসকলে । লগতে ইণ্ডিয়া গে'টত আমৰণ অনশনত বহাৰো ভাবুকি দিছে প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলে (wrestlers threaten to throw medals in Ganga) । আনহাতে, বিজেপি সাংসদ তথা ভাৰতীয় মল্লযোদ্ধা ফেডাৰেচনৰ প্ৰধান ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে (sexual harassment complaint against Brij Bhushan) তেওঁলোকৰ যৌন নিৰ্যাতনৰ অভিযোগ সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ নোলোৱাৰ বাবে তীব্ৰ গৰিহণা দিয়ে মল্লযোদ্ধাসকলে (wrestlers protest in Delhi) ।

প্ৰখ্যাত মল্লযোদ্ধা তথা অলিম্পিক পদক বিজয়ী বজৰং পুনিয়াই (Olympic medalist Bajrang Punia) তেওঁৰ টুইটাৰ একাউণ্টত এই ঘোষণা কৰে । হিন্দীতে লিখা এখন পত্ৰ শ্বেয়াৰ কৰি অভিযুক্ত সাংসদজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাত তেওঁ গভীৰ হতাশা ব্যক্ত কৰে । পত্ৰখনত মল্লযোদ্ধাসকলে বৰ্ণনা কৰিছে যে তেওঁলোকৰ পদকবোৰ পৱিত্ৰ গংগা নদীত দিবলৈ বাধ্য কৰোৱা যেন অনুভৱ কৰিছে । কিয়নো তেওঁলোকৰ আন সকলো বিকল্প শেষ কৰি পেলাইছে । কিন্তু তেওঁলোকৰ প্ৰতিবাদ আৰু সম্ভাৱ্য আমৰণ অনশনৰ সতৰ্কবাণী সত্ত্বেও সংশ্লিষ্ট সাংসদজনক তিলমানো টলাব পৰা নাই (Wrestlers Federation of India controversy) ।

আনহাতে, মল্লযোদ্ধাসকলে চৰকাৰৰ প্ৰভাৱশালী ব্যক্তিসকলৰ পৰা সমৰ্থন বিচাৰিবলৈ কৰা তেওঁলোকৰ প্ৰচেষ্টাৰ কথাও বৰ্ণনা কৰিছে (WFI president controversy) । প্ৰথমতে তেওঁলোকে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ ওচৰলৈ যোৱাৰ কথা বিবেচনা কৰিছিল । কাৰণ যিহেতু তেওঁ নিজে এগৰাকী মহিলা । আনহাতে, তেওঁ প্ৰতিবাদস্থলীৰ পৰা মাত্ৰ ২ কিলোমিটাৰ নিলগত থাকে । অৱশ্যে ৰাষ্ট্ৰপতিয়ে তেওঁলোকক সাক্ষাতৰ বাবে কোনো ধৰণৰ আগ্ৰহ প্ৰদৰ্শন নকৰা বা তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ কোনো পদক্ষেপ গ্ৰহণৰ অপাৰগতাৰ সিদ্ধান্তও ইতিমধ্যেই লৈছে ।

ইয়াৰ পিছত মল্লযোদ্ধাসকলে তেওঁলোকৰ পদকবোৰ প্ৰধানমন্ত্ৰীৰ ওচৰত ঘূৰাই দিয়াৰ কথা ভাবিছিল । কিয়নো এটা সময়ত প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক নিজৰ কন্যা বুলি উল্লেখ কৰিছিল আৰু তেওঁৰ বাসগৃহত আতিথ্য প্ৰদান কৰিছিল । কিন্তু নিৰাশাজনক কথাটো হৈছে তেৱোঁ এই বিষয়টোত নীৰৱ হৈ আছে । আনহাতে, তেওঁলোকৰ প্ৰকৃত অভিযোগক অৱজ্ঞা কৰি কেৱল বাক্যবাণহে ব্যৱহাৰ কৰিছিল । সেয়েহে তেওঁলোকক অৱজ্ঞা কৰা আৰু তেওঁলোকৰ কথা শুনোতা কোনো নাই বুলি অনুভৱ কৰিয়ে মল্লযোদ্ধাসকলে এই প্ৰতিবাদক হিন্দু ধৰ্মৰ বাবে শ্ৰদ্ধাৰ নদী গঙ্গালৈ লৈ যোৱাৰ সিদ্ধান্ত লৈছে । তেওঁলোকক সমৰ্থন আৰু সুৰক্ষা প্ৰদান কৰিব পৰা ব্যৱস্থাৰ ওপৰত হতাশাৰ প্ৰতীক হিচাপেই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনাইছে ।

উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱনৰ উদ্বোধনৰ সময়ত ভাৰতীয় কুস্তি ফেডাৰেচনৰ (WFI) সভাপতি ব্ৰীজ ভূষণক বগা পোছাক পিন্ধি উপস্থিত হোৱা দেখি মল্লযোদ্ধাসকল ক্ৰোধান্বিত হৈ পৰে ।

ইফালে দেওবাৰে দিল্লী আৰক্ষীয়ে বিনেশ ফোগাট, সাক্ষী মালিক আৰু বজৰং পুনিয়াকে ধৰি দেশৰ শীৰ্ষ মল্লযোদ্ধাসকলক প্ৰতিৰোধমূলক জিম্মাত লোৱাৰ সময়তে পৰিস্থিতিৰ আৰু অধিক অৱনতি ঘটে । কৰ্তৃপক্ষই যন্তৰ-মন্তৰৰ তেওঁলোকৰ প্ৰতিবাদস্থলীৰ পৰা নতুন সংসদ ভৱনলৈ পূৰ্বনিৰ্ধাৰিত পদযাত্ৰা বন্ধ কৰি দিয়ে । মল্লযোদ্ধাসকলে নতুন সংসদ ভৱনৰ সন্মুখত পোনপটীয়াকৈ তেওঁলোকৰ উদ্বেগ ব্যক্ত কৰিবলৈ এক বৃহৎ মহিলা মহা পঞ্চায়ত সমাবেশ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছিল ।

কিন্তু নতুন সংসদ ভৱনৰ দিশে আগবাঢ়ি যাবলৈ চেষ্টা কৰাৰ সময়ত নিৰাপত্তা বেষ্টনী ভংগ কৰাৰ পিছতে আইন-শৃংখলা উলংঘা কৰাৰ অভিযোগত অলিম্পিক পদক বিজয়ীসহ মল্লযোদ্ধাসকলক আটক কৰা হয় । পৰৱৰ্তী সময়ত দিল্লী আৰক্ষীয়ে তেওঁলোকক ৰাষ্ট্ৰীয় ৰাজধানীৰ বিভিন্ন স্থানলৈ স্থানান্তৰ কৰে । একেসময়তে কৰ্তৃপক্ষই প্ৰতিবাদস্থলী খালী কৰিবলৈ আৰম্ভ কৰে । লগতে তাত থকা খাট, গাদী, কুলাৰ, ফেন আৰু মল্লযোদ্ধাসকলৰ সামগ্ৰীবোৰ আঁতৰাই পেলায় ।

আনহাতে, সাক্ষী মালিকে টুইটাৰত লিখিছে, "এয়া চাওক আমাৰ চেম্পিয়নসকলক কেনেদৰে ব্যৱহাৰ কৰা হৈছে । বিশ্বই আমাক চাই আছে !" প্ৰতিবাদস্থলীৰ পৰা মল্লযোদ্ধাসকলক কেনেদৰে আঁতৰোৱা হৈছিল তাৰ এটা ভিডিঅ'ও শ্বেয়াৰ কৰিছে । উল্লেখ্য যে এই গ্ৰেপ্তাৰ কাৰ্যই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অভিযুক্ত অপৰাধীৰ বিৰুদ্ধে কাম কৰাৰ পৰিৱৰ্তে মল্লযোদ্ধাসকলৰ বিৰুদ্ধে গ্ৰহণ কৰাৰ চৰকাৰৰ পদক্ষেপক লৈ এতিয়া দেশজুৰি বিৰোধ সোচ্চাৰ হৈ পৰিছে ।

লগতে পঢ়ক :Wrestlers Protest : দেওবাৰৰ নিশাটো নিদ্ৰাবিহীন নিশা আছিল মোৰ বাবে- অভিনৱ বিন্দ্ৰা

ABOUT THE AUTHOR

...view details