অসম

assam

By

Published : Jan 21, 2022, 7:20 PM IST

ETV Bharat / bharat

Protest in Tripura: বিশুদ্ধ খোৱাপানীৰ দাবীত ত্ৰিপুৰাত প্ৰতিবাদ

বিশুদ্ধ খোৱাপানীৰ সমস্যা ত্ৰিপুৰাৰ ৰাইজৰ প্ৰধান সমস্যাসমূহৰ ভিতৰত অন্যতম । এইবাৰ খোৱাপানীৰ সমস্যা সমাধানৰ দাবীত ৰাইজে অৱৰোধ কৰিলে ঘাইপথ (Protest in Tripura demanding pure drinking water)। অতিশীঘ্ৰে ৰাইজৰ এই সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি জল সম্পদ বিভাগৰ ।

Protest in Tripura
বিশুদ্ধ খোৱাপানীৰ দাবীত ত্ৰিপুৰাত প্ৰতিবাদ

আগৰতলা,২১ জানুৱাৰী :ত্ৰিপুৰাৰ একাংশ স্থানৰ ৰাইজ আজিও বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত । বহু সময়ত বিশুদ্ধ খোৱাপানীৰ দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰে ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব দিয়া নাই । সেয়েহে ৰাজপথলৈ ওলাই আহিল একাংশ লোক ।

অভিযোগ অনুসৰি ত্ৰিপুৰাৰ দক্ষিণ জিলাৰ বেলোনিয়া মহকুমাৰ হৰিশ্যমুখ ব্লকৰ অন্তৰ্গত ভাস্কৰ পাৰাৰ ৰাইজ দীৰ্ঘদিন ধৰি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আহিছে । গাঁওবাসীয়ে এই সম্পৰ্কে বহুবাৰ বিভাগীয় কতৃপক্ষক আবেদন জনাইছে । কিন্তু এতিয়ালৈ তেওঁলোকৰ এই প্ৰধান সমস্যা সমাধান কৰাত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । যাৰ বাবে পানীৰ কলহ আৰু টেংক লৈ ৰাজপথ অৱৰোধ কৰিলে ৰাইজে (Protest in Tripura demanding pure drinking water)।

বিশুদ্ধ খোৱাপানীৰ দাবীত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্ল'গান দিয়াও দেখা গৈছে ৰাইজক । উত্তেজিত ৰাইজে পথ অৱৰোধ কৰাৰ লগে লগে এক অভাৱনীয় পৰিৱেশে বিৰাজ কৰে । লগে লগে ঘটনাস্থলীত উপস্থিত হয় জল সম্পদ বিভাগৰ শীৰ্ষ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়া জয়ন্ত দেৱ ।

বিষয়াসকলৰ সন্মুখতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে উত্তেজিত ৰাইজে । সমস্যা সমাধান নহ'লে প্ৰতিবাদ বন্ধ নকৰাৰো হুংকাৰ দিয়ে ৰাইজে । অৱশেষত গাঁওবাসীৰ এই সমস্যা অতি শীঘ্ৰে সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে বিষয়াসকলে । বিষয়াসকলৰ প্ৰতিশ্ৰুতিৰ পাছতে পথ অৱৰোধ প্ৰত্যাহাৰ কৰে ৰাইজে ।

ইফালে ৰাইজৰ অভিযোগ খণ্ড উন্নয়ন বিষয়া জয়ন্ত দেৱৰ অৱহেলাৰ বাবেই দীৰ্ঘদিন ধৰি ৰাইজে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আহিছে । জন প্ৰতিনিধিসকলৰ বিৰুদ্ধেও সৰৱ হৈ পৰে প্ৰতিবাদী ৰাইজ । তেওঁলোকৰ অভিযোগ কেৱল নিৰ্বাচনৰ সময়ত ভোট ভিক্ষাৰ বাবেহে জন প্ৰতিনিধিসকল সেই অঞ্চললৈ আহে । নিৰ্বাচনত জয়ী হোৱাৰ পাছতে কোনেও ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব নিদিয়ে ।

লগতে পঢ়ক :Maha Lok Adalat at Tripura: অহা ২২ জানুৱাৰীত ত্ৰিপুৰাত অনুষ্ঠিত হ'ব মহা লোক আদালত

ABOUT THE AUTHOR

...view details